বলীউডৰ বিগ বি অমিতাভ বচ্চনে প্ৰত্যেক বছৰে পোহৰৰ উৎসৱ দেৱালী অত্যন্ত ধুমধামেৰে উদযাপন কৰে। অমিতাভ বচ্চনে দেৱালীৰ পৰিপেক্ষিতত অনুৰাগীলৈও দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
অৱশ্যে অমিতাভ বচ্চনৰ এটা বিশেষ টুইটক লৈ চৰ্চাত আছে । অমিতাভ বচ্চনে পিতৃ হৰিবংশ ৰায় বচ্চনৰ এটা মূৰ্তিৰ ফ’টো শ্বেয়াৰ কৰিছে ৷পিতৃৰ ফ’টোখন শ্বেয়াৰ কৰি অমিতাভ বচ্চনে লিখিছে ” মোৰ পিতৃৰ মূৰ্তিৰ সন্মুখত প’লেণ্ডবাসীকে বন্তি জ্বলাইছে ৷এইয়া এক সন্মান। সন্মান এটা গৌৰৱ।”
অমিতাভ বচ্চনৰ এই টুইটটোত বহু অনুৰাগীয়ে শ্বেয়াৰ কৰাৰ লগতে কমেন্টো কৰিছে ৷উল্লেখযোগ্য যে বলীউডৰ অভিনেতা অমিতাভ বচ্চনে এই কেইদিনত কৌন বনেগা কৌৰড়পতি অনুষ্ঠানত আঁতধৰাত ব্যস্ত হৈ আছে।
তাৰ মাজতে বচ্চন পৰিয়ালত পালন কৰিছে পোহৰৰ উৎসৱ দেৱালী। যাৰ কাৰণে অমিতাভ বচ্চনে অনুৰাগীসকলক দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।