জৈনাচাৰ্য বিজয় বল্লভ সুৰীশ্বৰৰ ১৫১সংখ্যক জন্মজয়ন্তীক ষ্টেচ্যু অৱ পিচৰ উদঘাটন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

WhatsApp Image 2020 11 16 at 4.00.26 PM 1

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি জৈনাচাৰ্য বিজয় বল্লভ সুৰীশ্বৰৰ ১৫১ সংখ্যক জন্ম জয়ন্তীত তেওঁৰ সন্মানাৰ্থে স্থাপন কৰা ষ্টেচ্যু অৱ পিচৰ উদঘাটন কৰে। ক’ভিড মহামাৰীৰ কাৰণে ভিডিঅ’ কনফাৰেন্সৰ দ্বাৰা বিজয় বল্লভ সুৰীশ্বৰৰ প্ৰতিমূৰ্তি উদঘাটন কৰি মোদীয়ে কয় মোৰ সৌভাগ্য যে মই এনেধৰণৰ এটা প্ৰতিমূৰ্তি উদঘাটন কৰাৰ সৌভাগ্য হৈছে।ইপিনে অষ্টধাতুৰে নিৰ্মিত ১৫১ ইঞ্চি উচ্চতাৰ এই মূৰ্তিৰ ৰাজস্থানৰ পালী জিলাৰ জেতপুৰাত থকা বিজয় বল্লভ কেন্দ্ৰত স্থাপন কৰা হৈছে ।

এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ষ্টেচু অৱ পিচৰ সন্মান যাচি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সেয়া তেওঁৰ সৌভাগ্য দেশে তেওঁক তেওঁৰ শাসনৰ সময়তে চৰদাৰ বল্লভ ভাই পেটেলৰ বিশ্বৰ সকলোতকৈ ওখ মূৰ্তি নিমাৰ্ণৰ তেওঁ সুযোগ দিলে। লগতে আজি ষ্টেচ্যু অৱ পিচৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা জনাবলৈ পোৱাৰ বাবে নিজকে সৌভাগ্যৱান বুলি মন্তব্য কৰে।মোডীয়ে লগতে কয় মোৰ বিশ্বাস যে ষ্টেচু অৱ পিচৰ দ্বাৰা বিশ্বত শান্তি আৰু অহিংসা প্ৰেৰণা দিব ৷

জৈনাচাৰ্য গুৰু বল্লভ দুৰদৰ্শী হোৱাৰ লগতে জনতাৰ সেৱক আছিল। তেওঁ আছিল পৰমাত্মাৰ ভক্ত ৷লগতে আধুনিক ভাৰতৰ প্ৰেৰণা উৎস। গুৰু বল্লভে দেশ আৰু সমাজক নতুন দিশলৈ লৈ যোৱাত বহু ভূমিকা পালন কৰিলে ।

Exit mobile version