Crash Test ক কাৰণে ৩০ মিটাৰৰ ওপৰৰ পৰা ইখনৰ পাছত সিখন গাড়ী ধৰ্বংস কৰিছে Volvo য়েঃচাওক ভিডিঅ’

WhatsApp Image 2020 11 16 at 6.44.46 PM 1

যিকোনো বাহনৰ ভিতৰত Volvo Car সুৰক্ষিত বুলি গণ্য কৰা হয়। সাম্প্ৰতিক সময়ত প্ৰতিদিনে বৃদ্ধি পোৱা প্ৰযুক্তিবিদ্যাৰ পৰিপ্ৰেক্ষিতত Volvo Car ক সুৰক্ষিত কৰাৰ প্ৰতিটো পদক্ষেপ লৈছে কোম্পানীটোৱে ৷

ইয়াৰ মাজতে Volvo Car ৰ দুৰ্ঘটনাৰ সময়ত ল’ব লগা আগতীয়া সাৱধানতাৰ বিষয়ে জ্ঞাত হ’বলৈ বাহনখনক ৩০ মিটাৰৰ উচ্চতাৰ পৰা Crash Test কৰা হৈছে ৷
আনহাতে Volvo য়ে কেৱল Crash Test কৰিবলৈ এখন বাহনেই নহয়। তেনে বহু বাহন Crash Test কৰিছে ৷

প্ৰত্যাহ্বান আৰু উৎসুকতাৰে ভৰপূৰ এই Crash Testৰ ভিডিঅ’ আৰু ফ’টো ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

আনহাতে Crash Test ৰ এই ভিডিঅ’টোত দেখা পোৱা ধৰণে কোনো চালক বা যাত্ৰী দূৰ্ঘটনাত পতিত হ’লে সংকটজনক অৱস্থা বা মৃত্যু পৰ্যন্ত হ’ব পাৰে।

যাৰ কাৰণে আগতীয়াকৈ যাৱতীয় প্ৰস্তুতি কৰিবলৈ Crash Test কৰিবলৈ সাজু হৈছে Volvo Car.

Exit mobile version