ক্ৰমে স্বাভাৱিক অৱস্থাৰ দিশে গতি কৰিছে ভাৰতীয় অৰ্থনীতিয়ে । দেশৰ বজাৰ অৰ্থনীতিলৈ সক্ৰিয়তা নামি অহাৰ স্পষ্ট উমানো ইতিমধ্যে দৃষ্টিগোচৰ হ’বলৈ লৈছে । বিশেষকৈ দ্বীপান্বিতাৰ বজাৰে ভাৰতীয় বজাৰলৈ প্ৰাণচাঞ্চলৈ ওভতাই অনাৰ কথা অৰ্থনীতিবিদসকলেও স্বীকাৰ কৰি লৈছে । ব্যৱসায়িক সংগঠন ‘কনফেডাৰেছন অৱ অল ট্ৰেডাৰ্ছ’ৰ পৰা দ্বীপান্বিতাৰ বজাৰত ভাৰতীয় ব্যৱসায়ীয়ে লাভৰ মুখ দেখা বুলিও জনাইছে ।
ভাৰতৰ বজাৰলৈ মন্দাৱস্থাৰ অৱসানৰ পাছত ব্যৱসায়ীসকলে লাভৰ মুখ দেখাত এতিয়া সকলোৰে মুখত হাঁহি-বিৰিঙি উঠিছে । দীপাৱলীত লক্ষ্মীপূজাৰ সময়তে দেশত ৭২ হেজাৰ কোটিৰো অধিক টকাৰ ব্যৱসায় হৈছে । দেশৰ প্ৰায় সাত কোটি ব্যৱসায়ী তথা ৪০ হেজাৰৰো অধিক উৎপাদনকাৰী প্ৰতিষ্ঠানে ইয়াৰ দ্বাৰা লাভান্বিত হয় । তদুপৰি ১০.৮ শতাংশ ব্যৱসায়িক লাভালাভ বৃদ্ধিৰো তথ্য ইয়াৰ দ্বাৰা পোহৰলৈ আহে । সবাতোকৈ ডাঙৰ কথা হ’ল দ্বীপান্বিতাই দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলকো পুনৰ মূৰ দাঙি থিয় হোৱাত সহায় কৰিলে ।
দেশৰ ২০ খন বৃহৎ চহৰত দ্বীপান্বিতাত হোৱা ক্ৰয়-বিক্ৰয়ৰ ওপৰত ভিত্তি কৰি এই ব্যৱসায়িক লাভালাভৰ তথ্য সন্মুখলৈ আহে । এই চহৰবিলাকৰ ভিতৰত লক্ষ্ণৌ, নাগপুৰ, আহমেদাবাদ, জয়পুৰ, জম্মু আদিৰ দৰে চহৰো আছে । অৱশ্যে পশ্চিমবংগ আৰু ওড়িছাৰ দৰে ৰাজ্যবিলাকত ফটকা আতচ্বাজীৰ ওপৰতথকা বাধা-নিষেধৰ বাবে ব্যৱসায়ত নেতিবাচক প্ৰভাৱ এতিয়াও অব্যাহত আছে ।
ফটকা আতচ্বাজীৰ নিষিদ্ধকৰণৰ ফলত সমগ্ৰ দেশত কমেও এশ কোটি টকাৰ ব্যৱসায়িক ক্ষতিৰ সন্মুখীন হোৱাতো নিশ্চিত হৈছে । ইয়াৰ বিপৰীতে বৈদ্যুতিন যন্ত্ৰপাতি, ঘৰ সজোৱা সামগ্ৰী, উপহাৰ, মিঠাই, সাজ-পোছাক, জোতা আদিৰ দ্বীপান্বিতাৰ বজাৰত বৃহৎ ব্যৱসায় হয় । হাতেৰে বনোৱা চাকি অথবা মমবাতিৰো বৃহৎ ব্যৱসায় হয় দ্বীপান্বিতাৰ বজাৰত । কৰ’নাই সৃষ্টি কৰা মন্দাৱস্থা পোহৰৰ উৎসৱে কিছু হ’লেও স্বভাৱিক কৰি তোলাত বজাৰত নতুন উদ্যমৰো আৰম্ভ হৈছে ।
স্বাধীন ভাৰতত কৰ’নাৰ দৰে পৰিৱেশৰ পূৰ্বে সৃষ্টি হোৱা নাছিল যদিও মন্দাৱস্থাৰ পৰা পুনৰ স্বভাৱিক অৱস্থালৈ উভতিবলৈ লোৱাত ব্যৱসায়ীসকলেও ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে । বজাৰত বিক্ৰী বৃদ্ধি পাবলৈ লোৱাত মন্দাৰ হাৰ ২৩.৯ৰ পৰা ৮.৬ শতাংশ স্পৰ্শ কৰিছে । এপ্ৰিল-জুনৰ মাজত তিনিটা মাহতকৈ এই উন্নতিয়ে নিশ্চিতভাৱে সাধাৰণ জনতাকো কিছু হ’লেও সকাহ প্ৰদান কৰিব ।