হিন্দুৰ ধৰ্মীয় অনুষ্ঠানত উপস্থিত থাকি ক্ষমা খুজিবলৈ বাধ্য হ’ল বাংলাদেশৰ ষ্টাৰ ক্ৰিকেটাৰ চাকিব আল হাছানে ৷বিগত দিনত বাংলাদেশৰ ক্ৰিকেটাৰ চাকিব আল শেহতীয়াকৈ কলকাতা ভ্ৰমণলৈ আহিছিল। কলকাতাত উপস্থিত হ’ল চাকিবে এখন কালী পূজাত অংশ লৈছিল। ইয়াৰ পাছতেই একাংশ জনতাৰ ৰোষত পৰে ছাকিব ৷
ইয়াৰ পাছতে ছাকিবে স্পষ্টকৰণ কৰি কয় ” মই সেই অনুষ্ঠানটোত মাত্ৰ দুই মিনিট সময়ৰ কাৰণে আছিলো ।মানুহে ইয়াৰ বিষয়ে আলোচনা কৰিছে ।আৰু ভাবিছে যে মই অনুষ্ঠানটো উদ্ধোধন কৰিছো৷”
লগতে ছাকিবে কয়” মই এনেধৰণৰ কাৰ্য কৰিব নালাগিছিল। অথবা এজন মুছলমান হিচাপে মই সেই অনুষ্ঠানটোত অংশ ল’ব নালাগিছিল। ইয়াৰ কাৰণে মই দুঃখিত।”
আনহাতে ছাকিবক বাংলাদেশৰ চিলেট চহৰৰ মোহছিন তালুকদাৰ নামৰ এজন যুৱকে মৃত্যুৰ ভাবুকি প্ৰদান কৰিছিল।ছাকিবৰ ব্যৱহাৰে মুছলমান সমাজক অপমান কৰা বুলি যুৱকজনে ফেইচবুকৰ জৰিয়তে ক্ষোভ উজাৰিছিল।
উল্লেখযোগ্য যে চিলেট আৰক্ষীৰ শীৰ্ষ বিষয়া আছৰফ উল্লাহ তাহিৰে এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি তদন্তৰ বাবে ভিডিঅ’ লিংকটো চাইবাৰ ফৰেন্সিক দলক প্ৰদান কৰা বুলি জানিবলৈ দিয়ে।