হাগ্ৰামা-হিমন্তৰ কাজিয়া ৰহস্যৰ আৱৰ্ততঃ উৰ্খাউ গৌৰা ব্ৰহ্ম

urkhao gwra brahma independent candidate from 181482

জিলাখনৰ ১৮ নং মানস সেৰফাং পৰিষদীয় সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী সুৰেশ দৈমাৰীৰ নিৰ্বাচনীৰ প্ৰচাৰৰ বাবে অনুষ্ঠিত হয় নিৰ্বাচনী সভা । সভাত অংশগ্ৰহণ কৰি ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা দলটোৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই সভাত কয় যে, শেহতীয়াকৈ বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ হাগ্রামা-হিমন্তৰ যি কাজিয়া হৈ আছে  সেয়া ৰহস্যৰ আৱৰ্তত । তেওঁলোকে যিদৰে কাজিয়া কৰি আছে এতিয়া কোনেও বুজি পোৱা নাই আৰু এই সম্পৰ্কে একো ক’বলগীয়া নাই বুলিও উল্লেখ কৰে ব্ৰহ্মই। তেওঁলোকৰ এইটো ঘৰুৱা কন্দল বুলিও ক’ব পাৰি কাৰণ তেওঁলোকৰ মিত্ৰতা আজিলৈ ভাঙি যোৱা নাই ।

লগতে প্ৰাক্তন সাংসদজনে উল্লেখ কৰে যে, ইউপিপিএল দলে অকলেই থিয় দিছে আৰু নিৰ্বাচনী বৈতৰণি অকলে পাৰ কৰিবলৈ সক্ষম হ’ব । বিটচিত ইউপিপিএল দলৰ চৰকাৰ হ’বলৈ গৈ আছে তাত তেওঁলোকৰ কাজিয়াই কোনো প্ৰভাৱ নেপেলায় । এইদৰে কাজিয়া কৰি বিধান সভা নিৰ্বাচনৰ কুচকাৱাজহে আৰম্ভ কৰিছে। যোৱা ১৭ টা বছৰ সম্পূৰ্ণ ৰূপে ব্যৰ্থ হ’ল বিপিএফ দল ।

উন্নয়ন, দুৰ্নীতি ৰোধ, শান্তি স্থাপন, উগ্ৰপন্থীৰ সমস্যা সমাধান আদিৰ ক্ষেত্ৰত বিপিএফৰ ভূমিকা হতাশ জনক বাবেই জনগণে তেওঁলোকক আঁকোৱালি লোৱা নাই বুলিও উল্লেখ কৰে । কাজিয়া আৰু ডাইলগ বাজিৰে মাথোঁ ৰাইজৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলাইছে ।

ব্ৰহ্মই দাবী কৰা মতে আজিৰ দিনত ইউপিপিএলৰ দললৈ বিটিচিৰ ৩০খন আসন আহি আছে আৰু ইয়াত কোনো সন্দেহ নাই ।বিটিছিট কংগ্ৰেছ-এআইইউডিএফ দল আৰু গণ সুৰক্ষা পাৰ্টিৰ কোনো অস্তিত্ব নাই । মই হিমন্তৰ কথা নকওঁ অকল হিমন্তৰ কথাৰ আধাৰতে আমি নিৰ্বাচন খেলা নাই বুলিও স্পষ্ট কৰে ইউপিপিএলৰ দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মাই ।

Exit mobile version