উত্তৰ প্ৰদেশৰ আগ্ৰাত ৩৮ বছৰ বয়সীয়া এগৰাকী দন্ত চিকিৎসকক দুৰ্বৃত্তই শুক্ৰবাৰে আবেলি হত্যা কৰে। চিকিৎসকগৰাকীৰ নাম ডাঃ নিশা সিংহাল । অভিযুক্ত সুভম পাঠকে ছেট-টপ বক্স ৰিচাৰ্জ কৰাৰ অজুহাতত চিকিৎসকৰ গৃহত প্ৰৱেশ কৰে । ডাঃ সিংহালক ছুৰীৰে ডিঙি কাটি হত্যা কৰা হয় । ঘটনাটো সংঘটিত হৈ থকা সময়ত চিকিৎসকগৰাকীৰ দুটি সন্তান এটি আঠ বছৰীয়া আৰু আনটো চাৰি বছৰীয়া শিশু ঘৰখনৰে আন এটা কোঠালিত উপষ্ঠিত আছিল । আক্ৰমণকাৰীয়ে শিশুকেইটিৰ ওপৰতো আক্ৰমণৰ অপচেষ্টা চলাইছিল যদিও দুয়ো কথমপি ৰক্ষা পৰে ।
ডাঃ সিংহালৰ স্বামী অজয় সিংহালো বৃত্তিত ছাৰ্জন ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁ চিকিৎসালয়ত কৰ্তব্যৰত অৱস্থাত আছিল আৰু তেওঁ ভয়াবহ ঘটনাটোৰ সন্দৰ্ভত অৱগত হৈ বাসগৃহত উপস্থিত হৈ পত্নীক ততাতয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰায় । গুৰুত্বৰভাৱে আহত হোৱাৰ বাব ডাঃ সিংহালৰ কিছুসময়ৰ পাছত চিকিৎসালয়ত মৃত্যু হয় ।
আজি পুৱা আৰক্ষীয়ে চিচিটিভি ফুটেজৰ সহায়ত ঘটনাটো সংঘটিত কৰা বুলি সন্দেহ কৰা সুভম পাঠক নামৰ লোকজনক গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে জানিবলৈ দিয়ে যে, অভিযুক্তই ডকাইতি কৰাৰ উদ্দেশ্যেৰে ডাঃ সিংহালৰ বাসভৱনত কেবল টিভি টেকনিচিয়ানৰ ভেশ ধৰি প্ৰৱেশ কৰে । আৰক্ষীৰ অনুসৰি, ডাঃ সিংহাল আৰু তেওঁৰ সন্তানক আক্ৰমণ কৰাৰ পাছত ধৃত অভিযুক্তই প্ৰায় ঘণ্টা বাসভৱনতে আছিল ।
ইউ পিৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ যাদৱে এই মৰ্মান্তিক ঘটনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে । ঘটনাটো নিন্দা কৰি টুইটত তেওঁ কয়, ‘আগ্ৰাৰ ঘটনাটো সংঘটিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যবাসী হতবাক হৈ পৰিছে । য’ত এটি ব্যস্ত আৱাসিক অঞ্চলত নিজ বাসগৃহতে এগৰাকী মহিলাক হত্যা কৰা হ’ল । বিজেপি চৰকাৰ ব্যস্ত হৈ আছে দূৰ্নিতীগ্ৰস্তসকলক সুৰক্ষা দিয়াত আৰু বিৰোধী দলৰ ওপৰত ভুৱা গোচৰ জাপি দিয়াত ।’