প্ৰয়াত তৰুণ গগৈক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ কলাক্ষেত্ৰত ভিৰ কৰিছে অগণন গণমুগ্ধই

Untitled 1 186

আজি পুৱা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জনালে আছু নেতৃত্বই । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শেষবাৰৰ বাবে শ্ৰদ্ধা জনালে আছুৰ নতুন কমিটিৰ কৰ্মকৰ্তাসকলে লগতে উপস্থিত থাকে সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য ।

তৰুণ গগৈক শ্ৰদ্ধাঞ্জলিৰ জনাই সমুজ্জ্বল ভট্টাচাৰ্য্যই কয়- এটা দীঘলীয়া যাত্ৰাত অসমৰ মুখ্যমন্ত্ৰী আছিল প্ৰয়াত তৰুণ গগৈ । আৰু এই যাত্ৰাত তেওঁ গণতান্ত্ৰিক চিন্তা চৰ্চাৰে অসমৰ সমস্যাসমূহ স্থায়ী সমাধানৰ প্ৰচেষ্টা লৈছিল । এজন অভিজ্ঞ ৰাজনৈতিক আমি হেৰুৱালো । জলন্ত বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত ইচ্ছা প্ৰকাশ কৰিছিল তেওঁ। আন্দোলনক গণতান্ত্ৰিকভাবে আগবঢ়াবলৈ পদক্ষেপ লৈছিল মন্ত্ৰীগৰাকীয়ে ।

আছুৰ নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ মন্তব্য -এজন বিচক্ষণ সহজ সৰল ৰাজনৈতিকৱিদৰ মৃত্যু ঘটিল । সকলো ধৰণৰ ব্যক্তিক সমান চকুৰে চাইছিল মন্ত্ৰীগৰাকীয়ে ।

তৰুণ গগৈলৈ সমবেদনা জ্ঞাপন কৰি লুইনজ্যোতিৰ মন্তব্য – এটা ৰাজনৈতিক যুগৰ অৱসান ঘটিল । বিচক্ষণ মানবদৰদী আৰু এজন গণতন্ত্ৰৰ প্ৰতি দায়বদ্ধ মন্ত্ৰী হিচাপে অসমৰ সমাজৰ প্ৰতি যিটো দৃষ্টি আছিল বা অসমৰ জাতীয় জীৱনৰ সমস্যাৰ প্ৰতি কৰা প্ৰচেষ্টা আছিল তাৰ বাবে জনসাধাৰনে এজন জাতীয়তাবাদী নেতা হিচাপে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক সদায় মনত ৰাখিব ।

Exit mobile version