বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিবেশনঃ এ আই এম আই এমৰ সদস্যই ‘ভাৰত’ৰ পৰিৱৰ্তে উল্লেখ কৰিলে ‘হিন্দুস্তান’ত

maxresdefault 2

ভাৰতবাসীৰ মাজত থকা একতা তথা অনক্যৰ মাজত থকা ঐক্য পুনৰ প্ৰদৰ্শন কৰিলে বিহাৰ বিধানসভাই । সপ্তদশ বিহাৰ বিধানসভাৰ পাঁচ দিনীয়া অধিবেশনৰ কালি প্ৰথমটো দিনতে নৱ নিৰ্বাচিত বিধায়কসকলে বিভিন্ন ভাষাত লোৱা শপতগ্ৰহণৰ মাজেৰে এখন পৃথক ছবি দাঙি ধৰিবলৈকো সক্ষম হয় । ধৰ্ম-ভাষা তথা নলীয় দৰ্শনৰ পৰা উৰ্ধ্বত থাকি নৱ নিৰ্বাচিত বিধায়কসকলে এক ইতিবাচক বাৰ্তা দিবলৈ সক্ষম হয় যদিও ইয়াৰ মাজতে অল ইণ্ডিয়া মজলিছ-ই-ইত্তেহাদুল মুছলিমিন (এ আই এম আই এম)ৰ এজন বিধায়কে পৰিৱেশৰ অৱনতি ঘটোৱাতহে উদ্গনি যোগায় ।

উল্লেখ্য যে কাচবা সমষ্টিৰ পৰা নিৰ্বাচিত হোৱা কংগ্ৰেছৰ বিধায়ক শ্বাকিল আহমেদ খানে সকলোকে আচৰিত কৰি সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰে । অন্যান্য বিধায়কসকলে মূলতঃ মৈথেলী, উৰ্দ্দু, হিন্দী,‌ ইংৰাজী আদি ভাষাত শপত বাক্য পাঠ কৰে । জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ খানে সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰাৰ পাছত কয়, ‘মই বিজেপি আৰু এ আই এম আই এম দুয়ো দলকে এক বাৰ্তা দিব বিচাৰিছো । আমাৰ সংস্কৃত অতিকৈ সুন্দৰ আৰু সংস্কৃত আমাৰ সকলো ভাষাৰ মাতৃ স্বৰূপ। সেয়েহে মই সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰিবলৈ স্থিৰ কৰিছিলো আৰু এতিয়া তাকেই কৰিলো ।’

ইয়াৰ বিপৰীতে আছাদুদ্দিন ওৱেইছি নেতৃত্বাধীনে এ আই এম আই এমৰ পৰা বিহাৰ বিধানসভালৈ নিৰ্বাচিত হৈ অহা আখতাৰুল ইমামে উৰ্দ্দু ভাষাত পাঠ কৰা শপত গ্ৰহণত ‘হিন্দুস্তান’ শব্দটো উল্লেখ কৰে ‘ভাৰত’ৰ পৰিৱৰ্তে । ৰাষ্ট্ৰীয় জনতা দল ত্যাগ কৰি এ আই এম আই এমত যোগদান কৰা ইমামে সম্প্ৰতি দলৰ বিহাৰ গোটক নেতৃত্বও প্ৰদান কৰি আছে । ২০১৯ত বিহাৰ বিধানসভাৰ উপ-নিৰ্বাচনত এ আই এম আই এমৰ পৰা কামৰুল বুদাই কিষাণগঞ্জ সমষ্টিত বিজেপিৰ ছুইটি সিঙক পৰাজিত কৰি দলৰ প্ৰথমজন বিধায়ক হিচাপে বিহাৰ বিধানসভাত প্ৰৱেশ কৰিছিল । হাইদ্ৰাবাদ কেন্দ্ৰিক দলটোৰ ই আছিল বিহাৰত প্ৰথম সাফল্য ।

ইমামে এতিয়া ৰাজ্যখনৰ সীমাঞ্চল অঞ্চলতো দলৰ শক্তি বৃদ্ধি কৰে । প্ৰ’টেম অধ্যক্ষ জিতিন ৰাম মাঝিয়ে সংবিধানৰ উল্লেখৰে বিষঢয়তোত হস্তক্ষেপ কৰিবলৈকো বাধ্য হয় । ইয়াৰ পাছত বিধায়ক ইমামে ততাতৈয়াকৈ শুধৰণি কৰি শপতবাক্য পাঠ সম্পূৰ্ণ কৰে । ইমামে পাছত সদৰী কৰা অনুসৰি পুৰণি উৰ্দ্দুৰ পৰা শব্দ ল’বলৈ যোৱাৰ ফলতে এনে হৈছিল । ইমামে কয়, ‘মোৰ হিন্দুস্তান শব্দৰ ব্যৱহাৰত কোনো সমস্যা নাই; কিন্তু সংবিধানত ‘ভাৰত’ শব্দটো স্পষ্ট কৰি দিয়া হৈছে ।’

শপত গ্ৰহণ অনুষ্ঠানত প্ৰথম বিধায়কৰূপে বাল্মিকী নগৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈ অহা বিৰেন্দ্ৰ প্ৰতাপ সিঙে শপত গ্ৰহণ কৰে । মৈথেলী অঞ্চলৰ পৰা বিজয়ী হৈ অহাসকলে মৈথেলী, সীমাঞ্চলৰ পৰা বিজয়ী হৈ অহাসকলে উৰ্দ্দুত শপত লোৱাৰ পৰিৱৰ্তে ৰতনেচ সাদা আৰু মিথিলেচ কুমাৰে সংস্কৃত ভাষাত শপত পাঠ কৰে । সপ্তদশ বিহাৰ বিধানসভালৈ শতাধিক সদস্য এইবাৰ প্ৰথমবাৰলৈ নিৰ্বাচিত হৈ আহিছে । এই অধিবেশনৰ অহা ২৭ নৱেম্বৰত অন্ত পৰিব । কৰ’না স্বাস্থ্য বিধি অনুসৰণ কৰি আগবঢ়া এই অধিবেশনত ২৪৩ গৰাকী বিধায়কে শপত পাঠ কৰিব । কাইলৈ অধ্যক্ষৰ নিৰ্বাচন হ’ব । ২৬ নৱেম্বৰত ৰাজ্যপাল ফাগু চৌহানে বিধানসভাক সম্বোধন কৰিব । উল্লেখ্য যে ১২৫ গৰাকী বিধায়কৰে এন ডি এ চৰকাৰ গঠন কৰিছে বিহাৰত ।

Exit mobile version