চৌপাশে শীতে শেতেলি পাৰিছে ৷ নিয়ৰৰ আস্বাদনেৰে আবৃত্ত হৈ পৰিছে প্রকৃতি। কোমল শীতৰ আগমন ঘটিছে ৰাজ্যৰ প্রান্তে প্রান্তে ৷ পকাধান সামৰাৰ সময়তে লাহে লাহে পথাৰৰ বাটে যেন পােৱালি মেলিছে ৷ তৰাং হৈ পৰিছে ৰাজ্যৰ জলাশয়, বিল, পিটনী ৷ এনে সময়তে উৰণীয়া পথেৰে অসমত পাখি মেলিছেহি পাখিলাহি আলহীজাকে৷ প্রচণ্ড শীতৰ পৰা ৰক্ষাৰ লগতে বংশবৃদ্ধিৰ তাড়নাত এতিয়া সুদুৰ ছাইবেৰিয়া, মধ্য হিমালয়ৰ বিভিন্ন স্থানৰ পৰা অসম পাইছেহি নানা প্রজাতিৰ ৰং বিৰঙী আলহী পক্ষীৰ জাক৷ ছাইবেৰিয়ান ক্রেন, পেলিকান, ৰ’লাৰ, ইউজীন আদি দুষ্প্ৰাপ্য পক্ষীকূলে পাখি মেলিছেহি অসমৰ দ দ জলাশয়ৰ কোমল ৰ’দকাচলিত৷
উল্লেখ্য যে, আগষ্টৰ পৰা মার্চ-এপ্রিল পর্যন্ত মধ্য হিমালয়, ছাইবেৰিয়া আদি ঠাইত শীতৰ প্ৰকোপত পানী পর্যন্ত গােট মাৰি বৰফ হােৱাৰ বাবেই জানিব পৰা মতে, ছাইবেৰিয়া সীমান্তৰ পৰা অসমলৈ এই সময়ত পক্ষীকূলে অতিক্রম কৰে ৫১৬৯.২৫ মাইল আকাশী পথ। গড় হিছাপত ঘন্টাত ৪০-৫০ মাইল উৰি অহা জাক জাক পক্ষীয়ে অসমত প্ৰৱেশৰ বাবে সময় লয় আঢ়ৈৰ পৰা তিনি মাহ পর্যন্ত ৷ ইয়াৰ পাছতে অসমৰ বিল জলাশয়ত বিভক্ত হৈ পৰে পক্ষীকূল৷ অকল অসমেই নহয়, উত্তৰ-পূৱৰ বিভিন্ন স্থানলৈ উৰামাৰে চৰাইজাকে৷ এনেদৰেই কলিয়াবৰৰ জলাশয়, পিতনি, দলনিকে ধৰি বহু স্থানত এতিয়া ভিৰ কৰিছেহি এই উৰণীয়া আলহীজাকে৷
ইয়াৰ ভিতৰতে কলিয়াবৰৰ পক্ষীতীর্থ স্বৰূপ জয়সাগৰ দলনি অন্যতম৷ জয়সাগৰ দলনি কলিয়াবৰ মহকুমাৰ এক জৈৱ-বৈচিত্ৰৰে ভৰপূৰ এক জলাশয় দেশী-বিদেশী পৰিভ্রমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমল ৰূপেও চিহ্নিত হৈছে৷ আহােমৰ দিনত নানা যুদ্ধ-বিগ্ৰহত ব্যস্ত থকা স্বৰ্গদেউ প্রমত্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল৷ প্ৰমত্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়াৰ নামেৰেই ঠাইডোখৰৰ নামকৰণ কৰা হয় । এই জয়সাগৰ আহোম যুগৰ নৌ-বাহিনীৰ কেন্দ্ৰস্থল আছিল । ইয়াত যুদ্ধত ব্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল ।
মীন পালনৰ উদ্দেশ্যৰে জয়সাগৰত এতিয়াও দখল কাৰ্য অব্যাহত আছে । গ্লচিয়াচ আইবিজ, ব্লেক টেজেদ আইবিজ, কমন কোট, গ্ৰে লেগ গীজ আদি বিভিন্ন দেশী বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনি কলিয়াবৰৰ এক পৰ্যটনক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল থকা সত্ত্বেও বেদখল জলাশয়টোৰ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি আহি পৰিছে । একাংশই চৰকাৰী মীন আঁচনিৰ ধনেৰেও জয়সাগৰৰ বৃহৎ আকাৰৰ ভূমিত পুখুৰী খান্দিবলৈ যো-জা চলাইছে বুলি জানিব পৰা গৈছে ।