একেলগে ৩৩৭জনক যাৱজ্জীৱন কাৰাদণ্ড

5389309958c16763d6deac7244e199d2

২০১৬ত তুৰস্কত সংঘটিত অভ্যুত্থানৰ এক ঘটনাৰ বাবে সাব্যস্ত কৰি একেলগে ৩৩৭জনক যাৱজ্জীৱনকাৰাদণ্ডৰ শাস্তি বিহা হৈছে। স্থানীয় এখন আদালতে ঘােষণা কৰা এক ৰায়দানত ইয়াৰ বাহিৰেও আন ৬০জনক দোষী সাব্যস্ত কৰাৰ লগতে ৭৫জনক নিৰপৰাধী হিচাপে গণ্য কৰি মুকলি কৰি দিয়ে। এই অভ্যুত্থানৰ দ্বাৰা ৰাষ্ট্রপতি ৰিচেপ তায়ইপ এৰডােগানক ক্ষমতাচ্যুত কৰিবলৈ চেষ্টা চলােৱা হৈছিল। দোষী সাব্যস্ত হােৱাসকলৰ ভিতৰত সৰহ সংখ্যকেই প্রাক্তন পাইলট। উল্লেখ্য যে ২০১৬ৰ ১৫ জুলাইত তুৰস্কৰ ৰাজধানী আংকাৰাৰ সংলগ্ন এটি বিমান ঘাটিত প্রথমে সেনা অভ্যুত্থান চেষ্টা কৰা হয়।

সেনাসকলে যুদ্ধ বিমান,হেলিকপ্টাৰ আৰু টেংকলৈ দেশৰ সেনাবাহিনীৰ মুখ্য কার্যালয়ত আক্রমণ চলায়। চৰকাৰী নিৰাপত্তাৰক্ষীৰে হােৱা এই সংঘর্ষত ২৭০জন লােকৰ মৃত্যু হয়। ইয়াৰ ভিতৰত বিদ্রোহী সেনাৰ সংখ্যা শতাধিক আছিল। পাছত চৰকাৰী নিৰাপত্তাৰটী আৰু সেনাবাহিনীৰ তৎপৰতাত বিদ্রোহীৰ সকলাে প্রচেষ্টা ব্যর্থ হয়। এই বিদ্রোহৰে জড়িত থকাৰ অভিযােগত আমেৰিকাৰ সাহায্যপ্রাপ্ত দেশখনৰ ব্যৱসায়ী তথা মুছলিম ধর্মপ্রচাৰক ফেথুল্লা গুলনৰ প্ৰায় তিনি লাখ সমর্থক গ্রেপ্তাৰ কৰা হয়। ইয়াৰে এক লাখ এতিয়াও কাৰাগাৰতে আছে। এইসকলৰ গােচৰৰ বিচাৰ প্রক্রিয়া এতিয়াও আদালতত চলি আছে।

আনহাতে, মূল অভিযুক্তৰ তালিকাত আছিল ৪৭৫জনৰ নাম।ইয়াৰে ৩৬৫জনক ঘটনাৰ পাছতে গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি লাভ কৰা ৩৩৭জনৰ আটাইকেইজন পাইলট আছিল।দেশখনৰ গৃহমন্ত্ৰীজনে দিয়া তথ্য অনুসৰি অভ্যুত্থানৰ দিনা মুঠতে ২৫জনৰ মৃত্যু হয়। আহত হৈছিল প্রায় দুহেজাৰজন। এই অভ্যুত্থানৰ ব্যর্থ চেষ্টাৰ পাছতে ডেৰ লাখ চৰকাৰী কর্মী তথা ২০ হেজাৰ সেনাক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয়। বর্তমানলৈ এই অভ্যুত্থানৰ গােচৰত আঢ়ৈ হেজাৰতকৈও অধিক লােকক যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে। ইয়াৰ মাজতাে কিন্তু কালিৰ ৰায়দান কিছু ব্যতিক্রমী। বিশ্বৰ ইতিহাসত ইমান সংখ্যক লােকক আদালতৰ এটা কক্ষৰ পৰা এনেদৰে যুৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহাৰ নিদর্শন অতিকৈ বিৰল। এনে কাৰণতে দেশখনৰ সবাতােকৈ ডাঙৰ আদালত কক্ষত কালিৰ ৰায়দানৰ ব্যৱস্থা কৰা হৈছিল।

Exit mobile version