কৰ’নাৰ বাবে অযোধ্যাত ৰামৰ বৰযাত্ৰা বাতিল কৰিলে ভিএইছপি-য়ে

ayodhya AP

ক’ভিড-১৯ পৰিস্থিতিৰ বাবে ৰাম মন্দিৰৰ বৰযাত্ৰা বাতিল কৰাৰ ঘোষণা কৰিলে বিশ্ব হিন্দু পৰিষদ (ভিএইছপি)য়ে । সংগঠনৰ মুখপাত্ৰ শৰদ শৰ্মাই শনিবাৰে কয়, ‘অযোধ্যাৰ সন্তসকলৰ লগত আলোচনা কৰিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।’ প্ৰাচীন কালৰ পৰাই অযোধ্যাত ৰাম-সীতাৰ বিবাহ বাৰ্ষিকী পালন কৰি অহা হৈছে । প্ৰতি বছৰেই এই উৎসৱ উপলক্ষে ৰাম ভক্তসকলে ৰাম জন্মভূমিৰ পৰা নেপালৰ জনকপুৰৰ ৰাম-সীতাৰ বিবাহস্থলি লৈকে বৰযাত্ৰীৰ শোভাযাত্ৰা কৰে ।

মুখপাত্ৰ শৰ্মাই জনায় যে, কৰ’না পৰিস্থিতিৰ বাবে ‘ৰাম বৰযাত্ৰী’ বাতিল হ’লেও অযোধ্যাত এই উৎসৱ পালন কৰা হ’ব । তেওঁ কয়, ‘অযোধ্যাবাসীয়ে মাটিৰ বন্তি জ্বলাই, শংখ বজাই, পতাকা উত্তোলন আৰু পবিত্ৰ মন্ত্ৰোচ্চাৰণেৰে ৰাম-সীতাৰ বিবাহ উৎসৱ পালন কৰিব ।’

অযোধ্যাৰ জানকী মহল মন্দিৰৰ পৰিচালনা পৰিষদৰ সদস্য আদিত্য চুলতানিয়াই শনিবাৰে কয়, ‘প্ৰশাসনৰ নিৰ্দেশনা মানি ক’ভিড বিধি অৱলম্বন কৰি আমাৰ অযোধ্যাত ভগৱান ৰামৰ বৰযাত্ৰাৰ আয়োজন কৰা হৈছে । সামাজিক দূৰত্ব অৱলম্বন কৰি কেৱল অযোধ্যাতে এই শোভাযাত্ৰা সীমাবদ্ধ ৰখা হ’ব ।’

Exit mobile version