জাল পাৰপত্ৰৰে যাত্রা কৰি পাকিস্তানত সামৰিক প্রশিক্ষণ গ্রহণ আলফাৰ

Screenshot 80

কেৱল চীনেই নহয়, প্রতিমুহূর্ততে ভাৰতৰ বিৰুদ্ধে সক্রিয়তা অব্যাহত ৰখা পাকিস্তানাে আলফা (স্বাধীন)ৰ অন্যতম মিত্র। পাক চোৰাংচোৱা সংস্থা আই এছ আইৰ উপৰি কেবাটাও সন্ত্রাসবাদী সংগঠনৰ লগত ঘনিষ্ঠতা আছে আলফা (স্বা)ৰ। এই ঘনিষ্ঠতা বিগত দীর্ঘকাল ধৰি চলি আহিছে। সেই সূত্রেই সংগঠনটোৰ বছা বছা একাংশ নেতা-সদস্যই পাকিস্তানত সামৰিক প্রশিক্ষণ গ্রহণ কৰাটো সম্ভৱ হৈছে। এই তথ্য প্রকাশ কৰিছে সংগঠনটোৰ আত্মসমর্পণকাৰী নেতা দৃষ্টি ৰাজখােৱাই। সেনা আৰু অসম আৰক্ষীৰ লগতে কেন্দ্রীয় কে’বাটাও চোৰাংচোৱা সংস্থাৰ ধাৰাবাহিক জেৰাৰ সন্মুখীন হােৱা ৰাজখােৱাই নিজেও পাকিস্তানত উচ্চ সামৰিক প্রশিক্ষণ গ্রহণৰ কথা সদৰী কৰিছে।

বিগত ২০০৫ৰ সাতজনীয়া উগ্রপন্থী দল এটাৰ সদস্যৰূপে দৃষ্টি ৰাজখােৱাই পাকিস্তান আফগানিস্তানৰ সীমান্তৱর্তী পেছােৱাৰত তেনে প্রশিক্ষণ গ্রহণ কৰিছিল। তাত প্ৰধানকৈ আৰ পি জি আৰু আই ই ডি সম্পর্কীয় প্রশিক্ষণ গ্রহণৰ কথা সদৰী কৰা দৃষ্টিয়ে জনায় যে সাতজনীয়া দলটোৰ পাঁচজন আলফা (স্বা) আৰু দুজন ত্ৰিপুৰাৰ এটা সংগঠনৰ সদস্য আছিল।পেছােৱাৰৰ এটা মৌলবাদী সংগঠনৰ সামৰিক ঘাটিত সেই প্রশিক্ষণ চলিছিল। তাৰ বাবে দুমাহ সাতজনীয়া দলটোৱে পেছােৱাৰত বাহৰ পাতিছিল। পাকিস্তানলৈ দলটোক লৈ যােৱাৰ বাবে দেশখনৰ এটা ট্রেভেল এজেন্সীয়ে জাল পাৰপত্র প্রস্তুত কৰি দিয়াৰ তথ্য দৃষ্টিয়ে সদৰী কৰিছে। দৃষ্টিৰ পাৰপত্ৰখন শ্বিলঙৰ খাছি লােক এজনৰ নামত প্রস্তুত কৰা হৈছিল।

উক্ত সাতজনীয়া দলটোৰ পাছত অকল আলফাৰে কমেও পাঁচটা গােটে আই এছ আই আৰু মৌলবাদী সংগঠনৰ সহযােগত পেছােৱাৰত সামৰিক প্রশিক্ষণ গ্রহণৰ তথ্য অকল দৃষ্টিয়ে দিয়া স্বীকাৰােক্তিৰ ভিত্তিত পােহৰলৈ অহা বুলি তদন্তকাৰী আৰক্ষীৰ সূত্ৰই সদৰী কৰে। সূত্ৰটোৱে লগতে কয় যে পাকিস্তানৰ লগত আলফা (স্বা)ৰ সম্পৰ্ক আজিও যথেষ্ট ঘনিষ্ঠ। সেয়েহে চীনৰ লগতে পাকিস্তানেও সংগঠনটোক বিভিন্ন ধৰণে সহায়-সহযােগিতা আগবঢ়াই আহিছে। বিগত বৰ্ষত ম্যানমাৰৰ সেনাই টাগাত উগ্রপন্থী বিৰােধী বৃহৎ অভিযান চলােৱাৰ পাছতাে পাকিস্তানে আলফা (স্বা)ক চীনৰ স’তে মিলি সহায়-সহযােগিতা আগবঢ়াইছিল। টাগাত আলফা (স্বা)সহ উত্তৰ-পূৰ্বাঞ্চলৰ যিবােৰ সংগঠনৰ মুখ্য শিবিৰ আছিল সেইবােৰ ম্যানমাৰ সেনাৰ আক্ৰমণত উচ্ছেদ হয়। ফলত ছেদেলি-ভেদেলি হৈ পৰা আলফা (স্বা)ক পুনৰ সংগঠিত কৰাত চীন আৰু পাকিস্তানে সহযােগিতা কৰে। তেনে সহযােগিতাৰ বাবেই পৰেশ বৰুৱাই দক্ষিণ চীনত আশ্রয় ল’বলৈ সক্ষম হয়।

Exit mobile version