ফুলশয্যাৰ নিশা সন্ধানহীন হোৱা কইনা অচেতন অৱস্থাত উদ্ধাৰ মুকলি পথাৰত

E P DAY 1 919

ফুলশয্যাৰ নিশাই এগৰাকী কইনা সন্ধানহীন হোৱা আৰু পুৱতি নিশা এখন মুকলি পথাৰত অচেতন অৱস্থাত উদ্ধাৰ হোৱা এক ঘটণাই নগাঁও জিলাৰ কুঁজীডাহত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।উল্লেখ্য যে,নগাঁও জিলাৰ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত কুঁজীডাহৰ দ্বীপজ্যোতি বৰাৰ সৈতে যোৱা ২৭ নবেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল একে গাঁৱৰে নিভাৰাণী বৰা নামৰ এগৰাকী যুৱতী । কালি ফুলশয্যাৰ নিশাই অতি ৰহস্যজনক ভাৱে দৰা ঘৰৰ পৰা অন্তৰ্ধান হয় ন কইনা।

যাক লৈ হুৱা-দুৱা লাগে দৰাৰ ঘৰত ।দৰা ঘৰৰ সকলো লোকে নিৰুদ্দিষ্ট ন কইনাক বহু বিচাৰ-খোচাৰ কৰিও কোনো শূংসুত্ৰ উলিয়াব পৰা নাছিল।পাছত আজি পুৱতি নিশা অঞ্চলটোৰ এখন মুকলি পথাৰত অচেতন অৱস্থাত উদ্ধাৰ হয় ন কইনা নিভাৰাণী বৰা । সম্প্ৰতি কইনা চিকিৎসাধীন হৈ আছে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত । এই ৰহস্যজনক ঘটনাক লৈ এতিয়া সমগ্ৰ অঞ্চলটোতে ৰাইজৰ মাজত অনেক বু বু বা বাৰ সৃষ্টি হৈছে ।

ইতিমধ্যে কইনা পক্ষৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত জাজৰি আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত । কইনাই সংজ্ঞা ঘূৰাই পোৱাৰ পিছতহে উদঘাটন হ’ব ঘটনাৰ প্ৰকৃত ৰহস্য । আনহাতে,ফুলশয্যাৰ নিশাই স্বামী গৃহৰ পৰা ন কইনা সন্ধানহীন হোৱা ঘটণাৰ সন্দৰ্ভত আজি গাঁও খনত এখন বিচাৰ সভাও বহে।সভাত কি সিদ্ধান্ত লোৱা হয় সেই বিষয়ে জানিব পৰা হোৱা নাই।

Exit mobile version