কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইনৰ বিৰুদ্ধে আজিও অব্যাহত আছে কৃষকৰ প্ৰতিবাদী কায্যসূচী

Farmer protest Reu 1

কৃষকসকলৰ প্ৰতিবাদী কাৰ্য্যসূচীৰ ফলত হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে আজি কেন্দ্ৰীয় চৰকাৰ আলোচনাত মিলিত হ’ব কৃষকৰ প্ৰতিবাদী দলৰ লগত ।নিৰ্ধাৰিত হোৱা তাৰিখৰ দুদিন পূৰ্বেই হব এই বৈঠক । বিক্ষোভকাৰীৰ দলে দিল্লীৰ পাঁচটা প্ৰৱেশ পথ অৱৰোধ কৰাৰো হুংকাৰ দিয়ে ।পাঞ্জাৱ আৰু দিল্লীৰ দুই সীমান্তত হেজাৰ হেজাৰ কৃষকৰ প্ৰতিবাদৰ বাবে হোৱা উত্তপ্ত পৰিস্থিতিৰ ফলত তিনি ডিচেম্বৰত কৃষকৰ লগত মিলিত হব লগা আলোচনা আগুৱাই দিয়া হয় আৰু আজি বিয়লি তিনি বজাত আলোচনাত মিলিত হব কেন্দ্ৰীয় চৰকাৰ।

কৃষক মন্ত্ৰী নৰেন্দ্ৰ ত’মাৰে কৰ’না আৰু ঠাণ্ডাৰ প্ৰকোপৰ কথাও কয়, ইয়াত কোনো সাৱধানতা অৱলম্বন কৰা হোৱা নাই । কৃষক সংগঠনসকলৰ মন্তব্য, অমৃতসৰৰ যিসকল লোকে গুৰুপুৰব উদযাপন কৰিবৰ বাবে প্ৰতিবাদী কায্যসূচীত যোগদান কৰা নাছিল সেই সকলেও আজিৰ ভিতৰত যোগদান কৰাৰ সম্ভাৱনা আছে। আনহাতে কিষাণ সংঘৰ্ষ কমিটিৰ যুটীয়া সম্পাদকৰ ক্ষোভ প্ৰকাশ কৃষক সকলৰ ৫০০ টা সংগঠন আছে আৰু সেই ৫০০ৰ ভিতৰত আলোচনাত মিলিত হবলৈ আমন্ত্ৰিত কৰা হ’ল মাত্ৰ ৩২তা সংগঠন হে। আজি বিয়লি তিনি বজাত বিজ্ঞান ভৱনত কৃষক নেতা সকলৰ লগত মিলিত হ’ব ৰাজনাথ সিংহ আৰু কৃষি মন্ত্ৰী নৰেন্দ্ৰ ত’মৰ

Exit mobile version