অৱশেষত গ্ৰেপ্তাৰৰ তিনি মাহৰ অন্তত জামিন পালে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তীয়ে

SC reserves

অভিনেতা সুশান্ত সিং ৰাজপুতৰ যোৱা ১৫ জুনত মুম্বাইৰ বাসগৃহত মৃতদেহ উদ্ধাৰৰ পাছতে মুম্বাই পুলিচে আৰম্ভ কৰিছিল তদন্ত। সুশান্ত সিং ৰাজপুতৰ পৰিয়ালে অভিযোগ অনুসৰি, এয়া আত্মহত্যা নাছিল আছিল পৰিকল্পিত হত্যা । বহু সপ্তাহ ধৰি মুম্বাইৰ পুলিচে তদন্ত চলোৱাৰ পিছত তদন্তৰ দায়িত্ব দিয়া হ’ল CBI ক । আনহাতে এই তদন্তকালত মাদক দ্ৰব্যৰ অবৈধ বেহাৰ তথ্য ফাদিল হোৱাত জড়িত হৈ পৰে নাৰকটিক্স কন্ত্রল ব্যুৰ (NCB )। NCB দলে সোধ-পোচৰ কৰে সুশান্তৰ প্ৰেয়সী ৰিয়া চক্ৰৱৰ্তীৰ লগতে তেওঁৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তীক ।

চাৰি ছেপ্টেম্বৰত গ্ৰেপ্তাৰ কৰা হয় ৰিয়াৰ ভাতৃ সৌৱিক চক্ৰৱৰ্তীক । নৱেম্বৰৰ প্ৰথম সপ্তাহত জামিনৰ আবেদন দাখিল কৰিছিল যদিও আবেদন নাকচ কৰে মুম্বাইৰ উচ্চ ন্যায়ালয়ে । NCB ৰ মতে,ৰিয়া আৰু সৌৱিক চক্ৰৱৰ্তীয়ে নিজ ব্যৱহাৰৰ বাবে ক্ৰয় কৰা নাছিল মাদক দ্ৰৱ্য ।অভিনেতা সুশান্ত সিং ৰাজপুতৰ বাবেহে ক্ৰয় কৰিছিল । আজি মুম্বাইৰ উচ্চ ন্যায়ালয়ে প্ৰায় তিনি মাহৰ অন্তত জামিন দিলে সৌৱিক চক্ৰৱৰ্তীক।

Exit mobile version