ব্ৰহ্মপুত্ৰত বান্ধ নিৰ্মাণৰ পূর্বে নামনিৰ প্ৰভাৱ বিবেচনা কৰিব ৰঙা চীনে

China to Build a Major Dam on Brahmaputra River in Tibet 1 min

ভাৰত-চীন সীমান্তৰ পৰিস্থিতি উত্তেজনাপূর্ণ হৈ থকাৰ মাজতে চীনে নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত নমস্থিতি গ্রহণ কৰিছে। চীনত নির্মিত অথবা নির্মীয়মাণ নদীবান্ধে ইয়াৰ নামনি অংশ অসমৰ দৰে ৰাজ্যত বিৰূপ প্ৰভাৱ পেলােৱাৰ আশংকাত ইতিমধ্যে বিতর্ক অব্যাহত আছে। ইয়াৰ মাজতে চীনে প্রকাশ কৰে যে দেশখনৰ য়ালুং ছাংপ’ নদীৰ ওপৰত বান্ধ নিৰ্মাণৰ কোনাে পৰিকল্পনা নিশ্চিত কৰাৰ পূর্বে চুবুৰীয়া দেশৰ স্বাৰ্থৰ কথাও বিবেচনা কৰিব। চীনা বিষয়াই নতুন দিল্লীত এই তথ্য সদৰী কৰিছে। ভাৰত-বাংলাদেশৰ মাজেৰে প্রবহমান এই নদী অসম অথবা ভাৰতত ব্ৰহ্মপুত্ৰ নামেৰে পৰিচিত।

চীনৰ পৰা বৈ অহা নদীখন বাংলাদেশত পদ্মাৰূপে জনাজাত। সােমবাৰে চীনা সংবাদ মাধ্যমে প্রকাশ কৰে যে চীনে ভাৰতত ব্ৰহ্মপুত্ৰৰূপে জনাজাত নদীখনৰ তলৰ অংশত ৬০ মেগাৱাট জলবিদ্যুৎ উৎপন্ন কৰিব পৰা সামর্থ্যৰে বান নির্মাণ কৰিব পাৰে। এই প্রতিবেদনে ভাৰত আৰু বাংলাদেশত গভীৰ উদ্বেগৰ সৃষ্টি কৰে। দুই দেশৰ কর্তৃপক্ষই শংকা প্রকাশ কৰে যে চীনা প্রকল্পৰ ফলত অতর্কিত বানপানী অথবা পানীৰ গভীৰ নাটনিৰ সন্মুখীন হ’ব পাৰে। নতুন দিল্লীৰ দূতাবাসৰ বিষয়া জি ৰঙে কয় যে নদীখনৰ নামনি অংশৰ পৰিকল্পনা প্রাথমিক পর্যায়ত আছে।

তেওঁ কয় যে বিজ্ঞানসন্মত পৰিকল্পনা তথা নামনি অঞ্চলসমূহত পেলাব পৰা প্ৰভাৱৰ বিষয়টো সম্পূর্ণ বিবেচনা কৰিহে সিদ্ধান্ত লােৱা হ’ব। উজনি আৰু নামনি অংশত থকা দেশসমূহৰ স্বাৰ্থৰ বিষয়ে ভবা হ’ব। ব্রহ্মপুত্র হৈছে ভাৰতৰ এখন অন্যতম বৃহত্তম আৰু অতি গুৰুত্বপূর্ণ নৈ। বাংলাদেশত প্ৰৱেশৰ পূর্বে ই ভাৰতৰ উত্তৰ-পূব অংশৰ মাজেৰে প্রৱাহিত হৈছে। চীনত বান নির্মাণক লৈ অসমত ইতিমধ্যে গভীৰ শংকা হৈছে। আনহাতে এজন ভাৰতীয় বিষয়াই জনােৱা মতে, চীনৰ উজনি অংশত নিৰ্মাণৰ স’তে সমতা ৰক্ষাৰ বাবে অৰুণাচল প্রদেশত জলবিদ্যুৎ উৎপাদনৰ প্ৰকল্পৰ বিষয়ে ভাৰতে বিবেচনা কৰি আছে।

Exit mobile version