চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ইউপিপিএল দলৰ প্ৰাৰ্থী সকলক বিজেপিক বিক্ৰী কৰাৰ বাবে আজি ইউপিপিএল দলৰ কাৰ্য‍্যালয়সমূহ বন্ধ হৈ পৰিল: চন্দন ব্ৰহ্ম

Screenshot 105

আজি চিৰাঙৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ শালঝোৰাত বিপিএফ দলৰ জনসমাৱেশ অনুষ্ঠিত হয়। বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ হৈ নিৰ্ব্বাচনী প্ৰচাৰ মন্ত্ৰী চন্দন ব্ৰহ্ম আৰু অঞ্জলি দৈমাৰীৰ। বিটিচি পৰিষদীয় নিৰ্ব্বাচনৰ প্ৰথম পৰ্য‍্যায়ৰ ভোটগ্ৰহণত অনুষ্ঠিত বিপিএফ দলে ১৮ খন আসন লাভ কৰাৰ দাবী কৰে মন্ত্ৰী ব্ৰহ্মই।

মন্ত্ৰী ব্ৰহ্মই কয়, ‘যোৱা কালি চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ইউপিপিএল দলৰ প্ৰাৰ্থীসকলক বিজেপিক বিক্ৰী কৰিলে যাৰ বাবে আজি ইউপিপিএল দলৰ কাৰ্য‍্যালয়সমূহ বন্ধ কৰিছে ৰাইজে। ইউপিপিএল দলৰ সাধাৰণ সমৰ্থক ভোটাৰ ৰাইজে বেয়া পাই দল এৰি আহিছে। আজি ইউপিপিএল দলৰ সকলো কাৰ্য‍্যালয়ত তলা ওলমিছে । ইউপিপিএল গ’ল এতিয়া ১২ তাৰিখৰ পিচত বিজেপিৰ পৰা হিমন্ত আউট হ’ব ।

বহু অত‍্যাচাৰ কৰিলে বিটিচিত আহি। হিমন্তই প্ৰমোদ বড়ো আৰু বিশ্বজিত দৈমাৰীৰ কাণত ধৰি মোচৰাই উঠা বহা কৰাই বিটিচি চলাব বিচাৰিছিল। সেয়ে আমি আগতেই কৈছিলো প্ৰমোদ বড়োক টুপি পিন্ধাব পাৰিলেও বিপিএফৰ নেতৃত্বক নোৱাৰে হিমন্তই। এতিয়া প্ৰমোদ বড়ো শেষ হ’ল। হিমন্তই বিটিচিৰ ন হেজাৰ বৰ্গকিলোমিটাৰ অঞ্চল ফাৰ্মহাউচ কৰিব বিচাৰিছিল। আমি জীৱনতো তেওঁৰ মনোকামনা পুৰণ হ’ব নিদিও ।’

লগতে তেওঁ কয় যে হিমন্ত বিটিচিৰ নাগৰিক নহয়, ইয়াৰ ভোটাৰো নহয়, ইয়াত হিমন্ত বহিৰাগত। গতিকে ইয়াত আবোল-তাবোল বকিয়ো লাভ নাই । ইয়াত বিজেপিৰ কাম নাই। বিজেপিক চিনি নাপায় বিটিচিবাসীয়ে। ইউপিপিএল দলে সদায় বিটিচিবাসীক ঠগি আহিছে। এইবাৰৰ পৰা ইউপিপিএল দলৰ ট্ৰেক্টৰ খুন্দা (দলীয় প্ৰতিক ট্ৰেক্টৰ)খাই নি:শেষ হ’ব ।ৰাইজে আমাক অনুমতি দিলে প্ৰমোদ বড়োক বিপিএফ দলত যোগদানৰ বাহিৰে উপায় নাই বুলিও কয় ব্ৰহ্মই।

বিজেপি-ইউপিপিএল দলৰ বদনাম প্ৰৰোচনা আদিক ওফৰাই ৰাইজে বিপিএফ দলৰ সংগ দি জনসভাত অহাৰ বাবে ৰাইজক ধন‍্যবাদ জনায় অঞ্জলী দৈমাৰীয়ে।  আগলৈয়ো হাগ্ৰামা মহিলিৰীৰ নেতৃত্বত বিপিএফ দলৰ স’তে ৰাইজক থকাৰ বাবে আহ্বান জনায় যাতে আকৌ বিপিএফ দলেই বিটিচি পৰিষদ গঠন কৰিব পাৰে।

সভাখনত উপস্থিত থাকে বিপিএফ দলৰ কে’বাজনো কেন্দ্ৰীয় নেতা। সভাখনত অংশগ্ৰহণ কৰি বিপিএফ দলৰ হৈ ভাষণ দিয়াৰ লগতে বিটিচিৰ উন্নয়ণৰ ধাৰা অটুট ৰাখি ভোটদানেৰে পুনৰ হাগ্ৰামা মহিলাৰীক বিটিচিৰ উন্নয়নৰ কাম কৰাৰ সুবিধা দিবলৈ আহ্বান জনায়।

Exit mobile version