দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গৃহবন্দী কৰাৰ অভিযোগ

VBK ARVIND KEJRIWAL

সোমবাৰে ছিংঘু সীমান্তত প্ৰতিবাদী কৃষকসকলৰ স’তে আলোচনাত মিলিত হোৱাৰ পাছৰে পৰা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক দিল্লী আৰক্ষীয়ে গৃহবন্দী কৰি ৰাখিছে বুলি অভিযোগ উত্থাপন কৰে আম আদমি পাৰ্টিয়ে।

অৱশ্যে এই অভিযোগ দিল্লীৰ আৰক্ষী বিষয়াই অস্বীকাৰ কৰে । আম আদমি পাৰ্টিয়ে জনোৱা অনুসৰি, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষীয়ে দিল্লীৰ বিভিন্ন পৌৰসভাৰ তিনিজন মেয়ৰক মুখ্যমন্ত্ৰীৰ ৱাসভৱনৰ সন্মুখত প্ৰতিবাদ কৰিবৰ বাবে ৰাখে আৰু প্ৰতিবাদীসকলক আটক কৰাৰ নাটক কৰে ।

মুখ্যমন্ত্ৰী কেজৰিৱালৰ ৱাসভৱনতো সকলোৰে প্ৰৱেশ নিষেধ কৰি সম্পূৰ্ণৰূপে বেৰিকেড সাজি দিয়া হৈছে ।

আপ নেতাই সদৰী কৰিছে যে , পৰিস্হিতি বিবেচনা কৰি দিনৰ সকলোবোৰ বৈঠক বাতিল কৰা হৈছে ।

উত্তৰ জিলাৰ দিল্লী আৰক্ষীৰ জিলা প্ৰশাসক অল’ক কুমাৰ বাৰ্মাই এই অভিযোগক ‘মিছা’ আৰু ‘ভিত্তিহীন’ বুলি অভিহিত কৰি অস্বীকাৰ কৰিছে ।

Exit mobile version