নতুন কৃষি আইন বাতিলৰ দাবীত দেশব্যাপী বন্ধ পালন

Farmers Protest 1 1

ভাৰত বন্ধৰ বাবে আজি চাৰি ঘণ্টাতকৈও অধিক সময়জুৰি দিল্লী-মীৰাট ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে প্ৰতিবাদী কৃষকে ।

যাতায়ত ব্যৱস্থাৰ লগতে দোকান বিশেষকৈ ফল- মূল আৰু শাক পাচলিৰ দোকানবোৰ ক্ষতিগ্ৰস্ত হৈছে। দিল্লী আৰু হাৰিয়ানাৰ আৰক্ষীয়ে যিবোৰ স্থানত বিপুল সংখ্যাক কৃষকে আৰক্ষী বেৰিকেডৰ কাষত শিবিৰ স্থাপন কৰিছে সেইবোৰ স্থানত যাতায়তৰ পৰামৰ্শ জাৰি কৰিছে।

প্ৰতিবাদকাৰী সকলে শান্তিপূৰ্ণ প্ৰতিবাদৰ আহ্বান কৰিছিল। কংগ্ৰেছ ,আপ, ডি এম কে,টি আৰ এছসহ বিৰোধী দলবোৰে এই প্ৰতিবাদৰ আহ্বানক সমৰ্থন জনায় ।

ভীম সেনাধ্যক্ষ চন্দ্ৰছেখৰ আজাদক আজি বিয়লি আটক কৰা হয় তেওঁ প্ৰতিবাদী কাৰ্যসূচীত যোগ দিবলৈ গৈ আছিল।

Exit mobile version