মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড ছাংমা ক’ভিডত আক্ৰান্ত

0SNzjp4B

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই টুইটত কয় যে, ক’ভিড-১৯ পৰীক্ষণত তেওঁৰ ফলাফল প’জিটিভ পোৱা গৈছে গতিকে যিসকলে তেওঁৰ সংস্পৰ্শত আহিছিল তেওঁলোকে প্ৰয়োজন সাপেক্ষে পৰীক্ষণ কৰোৱা উচিত । তেওঁ বৰ্তমান হ’ম আইচ’লেছনত আছে ।

মুখ্যমন্ত্ৰী চাংমাই টুইটত কয়, ‘মোৰ ক’ভিড-১৯ৰ পৰীক্ষণৰ ফলাফল প’জিটিভ আহিছে । মই হ’ম আইচ’লেছনত আছো আৰু সামান্য লক্ষণো অনুভৱ কৰিছো । যিসকলে এই পাঁচ দিনৰ ভিতৰত মোৰ সংস্পৰ্শত আহিছিল মই তেওঁলোকক অনুৰোধ কৰিছো তেওঁলোকে নিজৰ স্বাস্থ্যৰ যতন লওক আৰু প্ৰয়োজন হ’লে পৰীক্ষণো কৰাওক । সুৰক্ষিত থাকক ।’

মেঘালয়ত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা ১২,৫৮৬ জন আৰু মৃত্যুৰ সংখ্যা ১২৩ জন ।

Exit mobile version