নাচে-গানে আনন্দৰ পৰিৱেশ চিৰাঙৰ এবছু-ইউপিপিএলৰ কাৰ্য্যালয়ত বিধান সভা নিৰ্ব্বাচনৰ ছেমিফাইনেল

Screenshot 128

বহু প্রত্যাশিত বিটিচি পৰিষদীয় নিৰ্ব্বাচন সমাপ্ত হ’ল। ভোট গণনাও হ’ল । চিৰাঙত বিপিএফ দলে পূৰ্বতকৈ ভাল ফল দেখুৱালে। চিৰাঙৰ মুঠ সাতখন আসনৰ ভিতৰত বিগত নিৰ্বাচনত বিপিএফে মাত্ৰ এখন আসন লাভ কৰিছিল, কিন্তু এইবাৰ চিৰাং জিলাত পাঁচখন আসন লাভ কৰে।

ভোট গণনা শেষ নৌহওঁতেই চিৰাং জিলাৰ বিপিএফ কাৰ্য্যালয়ৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাই পথত উচ্চশব্দৰ ডিজে সংগীতৰ তালত বিপিএফ সমৰ্থকসকলে নাচে-গানে মুখৰিত কৰি তুলে কাজলগাঁও। তাৰ বিপৰীতে ইউপিপিএল তথা এবছুৰ কাৰ্য্যালয়ত নিমাওমাও পৰিৱেশ বিৰাজ কৰিছিল।

বিজেপি, ইউপিপিএল আৰু জিএচপি দলে মুখ্যমন্ত্ৰীৰ কাৰ্য্যালয়ত আজি পুৱা সংবাদ মেলযোগে পৰিষদ ঘোষণাৰ কথা ৰাজহুৱা কৰাৰ পাছত বিপিএফৰ কাৰ্য্যালয়ত নিমাওমাও পৰিৱেশ বিৰাজ কৰে আৰু এবছু-ইউপিপিএল দলৰ কাৰ্য্যালয়ত নাচ-গান তথা ডিজেৰ সংগীত বজোৱা পৰিলক্ষিত হয়।

ৰাষ্ট্ৰীয় ঘাইপথত সমদল ওলিয়ায় ইউপিপিএল দলৰ সমৰ্থকসকলে। একে নিশাৰ মাজতে সম্পূৰ্ণ ওলোটা প্ৰতিচ্ছবি দেখিবলৈ পোৱা গ’ল চিৰাঙত।

পৰিৱৰ্তনৰ শ্লোগানেৰে চিৰাং জিলাত কেবাটাও বৃহৎ জনসভা অনুষ্টিত কৰিও বিফল হ’ল ইউপিপিএল দল। জিলাখনৰ সাতখন আসনৰ ভিতৰত মাত্ৰ এখন আসনহে লাভ কৰিলে ইউপিপিএল দলে।

অসম বিধানসভা নিৰ্ব্বাচনৰ ছেমিফাইনেল বিটিচি পৰিষদীয় নিৰ্ব্বাচনত জপিয়াই পৰিছিল বিজেপি দল । দলটোৱে চিৰাং জিলাত তিনিখন আসনত প্ৰাৰ্থী দিছিল আৰু এখনত জয়ী হ’বলৈ সক্ষম হয়।

ৰাষ্ট্ৰীয় দল হিচাবে বিজেপিয়ে প্ৰচুৰ শক্তি প্ৰয়োগেৰে নিৰ্ব্বাচনী প্ৰচাৰ চলাইছিল চিৰাঙত । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালসহ মন্ত্ৰী হিমন্ত আৰু অন্যান্য মন্ত্ৰীয়েও ধাৰাবাহিকভাৱে চলাইছিল নিৰ্ব্বাচনী প্ৰচাৰ।

Exit mobile version