হিংসাত্মক আন্দোলনৰ বাবে উচটনি দিয়াৰ অভিযােগত কালি কাহিলিপুৱাতে ইৰানত এজন সাংবাদিকক ফাঁচি দিয়া হয়। ২০১৭ত ইৰানত হােৱা চৰকাৰ বিৰােধী হিংসাত্মক আন্দোলনৰ বাবে এই সাংবাদিকজনে উচটনি দিয়াৰ অভিযােগ উত্থাপন কৰিছিল টেহৰান প্রশাসনে।
হল্লাহ জাম নামৰ এই সাংবাদিককজনৰ ফাঁচি কার্যকৰী কৰাৰ পাছতে সমগ্র ঘটনাটোক লৈ দেশজুৰি প্রতিক্রিয়া সৃষ্টি হৈছে। জামৰ ফাঁচিক তীব্রভাৱে নিন্দা কৰি প্রতিক্রিয়া প্রকাশ কৰিছে ফ্রান্স বিদেশ মন্ত্রণালয়েও। আন্তর্জাতিক সংবাদ মাধ্যমত প্রকাশিত বাতৰি অনুসৰি তিনি বছৰ পূর্বে দেশখনত হােৱা হিংসাত্মক আন্দোলনৰ বাবে উচটনি দিছিলে ৪৭ বছৰ বয়সীয়া সাংবাদি ৰুহুল্লাহ জামে।
প্রশাসনৰ তৰফৰ পৰা এই অভিযোেগ উত্থাপনৰ লগতে জামৰ সন্ধানাে আৰম্ভ কৰি দিয়া হয়। কিন্তু প্রশাসনৰ তৎপৰতাৰ মাজতে এজন সংস্কাৰপন্থী চিয়া ধর্মীয় নেতাৰ পুত্র জামে পােনে পােনে ইৰানৰ পৰা ফ্রান্সলৈ পলায়ন কৰে। সেই সময়ৰে পৰাই ফ্রান্স আশ্ৰয় লৈ আছিল সাংবাদিকজনে। অৱশ্যে ২০১৯ৰ ছেপ্টেম্বৰত জামক ইৰাকত ইৰানৰ চোৰাংচোৱাই আটক কৰি টেহৰানলৈ লৈ আহে।
যােৱা জুনত দুর্নীতিৰ অভিযােগত দোষী সাব্যস্ত কৰি জামক ফাঁচিৰ শাস্তি প্রদান কৰে ইৰানৰ এখন আদালতে। যােৱা মঙলবাৰে নিম্ন আদালতৰ উক্ত ৰায় বাহাল ৰাখি জামৰ ফাঁচিত মােহৰ লগায় ইৰানৰ সর্বোচ্চ ন্যায়ালয়ে। এই নির্দেৰ্শৰ পাছতে আজি জামৰ ফাঁচি নির্দেশ কার্যকৰী কৰা হয়।
ইফালে, জামৰ ফাঁচিৰ ঘটনা পােহৰলৈ অহাৰ লগে লগে ইনক কঠোৰভাৱে সমালােচনা কৰে ফ্রান্সৰ বিদেশ মন্ত্রণালয়ে। এই সন্দৰ্ভত প্রকাশ কৰা এটা বিবৃতিত ফ্রন্সৰ তৰফৰ পৰা কয় যে রুহুল্লাহ জামৰ দৰে সাংবাদিকক মৃত্যুদণ্ড দিয়া ঘটনাই অভিব্যক্তিৰ প্ৰকাশ তথা সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত ভয়ংকৰ আঘাত হিচাপে বিবেচিত হ’ব।
বিবৃতিটোত ফ্রান্সে ইৰানক মানৱ অধিকাৰ সংক্রান্তীয় আন্তর্জাতিক নিয়মাৱলী মানি চলিবলৈকো পৰামর্শ ব্যক্ত কৰে। উল্লেখ্য যে ২০১৭ৰ শেষৰ ফালে খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ইৰানত চৰকাৰ বিৰােধী আন্দোলনৰ আৰম্ভ হৈছিল। হিংসাত্মক ৰূপ ধাৰণ কৰা এই আন্দোলনত ২৫ জনৰ মৃত্যু হৈছিল। প্রশাসনে পাঁচ হেজাৰৰাে অধিক লােকক গ্রেপ্তাৰ কৰিছিল আন্দোলনত অংশগ্রহণ কৰাৰ অভিযােগত।