বজালীৰ কঁঠালমূৰীত আঘাতপ্ৰাপ্ত পাহাৰী শগুণ উদ্ধাৰ

cef3f36b 1a2c 4860 acd6 6b602c384b9c

বৰপেটা জিলাৰ বজালীৰ কঁঠালমূৰীত আজি উদ্ধাৰ কৰা হয় এটি আঘাতপ্ৰাপ্ত পাহাৰী শগুণ অৰ্থাৎ বৰাশগুণ (Griffon vulture)৷ শগুণটোৰ অৱস্থিতি প্ৰত্যক্ষ কৰি গাঁওখনৰে সচেতন যুৱকে প্ৰকৃতি তথা বন্যপ্ৰাণী সুৰক্ষাৰ লগত জড়িত স্থানীয় ব্যক্তি তথা সাংবাদিক ৰূপক দাসক খবৰ দিয়ে৷ ইয়াৰ পাছতে স্থানীয় লোকৰ সহযোগত ৰূপক দাসে আঘাতপ্ৰাপ্ত শগুণটো উদ্ধাৰ কৰি আনি বতিয়ামাৰীস্থিত বায়’ ডাইভাৰ্চিটি পাৰ্কত কিছু শুশ্ৰূষাৰ ব্যৱস্থা কৰে ৷

পৰৱৰ্তী সময়তে ডব্লিউ ডব্লিউ এফৰ মানাহত কৰ্মৰত এটা দলৰ জৰিয়তে আঘাতপ্ৰাপ্ত পাহাৰী শগুণটোক চিকিৎসাৰ লগতে মানাহত মুকলি কৰি দিয়াৰ বাবে প্ৰেৰণ কৰা হয়৷উল্লেখযোগ্য যে উদ্বেগজনকভাৱে দ্ৰুতহাৰত সংখ্যা কমি অহা শগুণৰ প্ৰজাতিসমূহৰ ভিতৰত অন্তৰ্ভুক্ত বৃহৎ আকাৰৰ পাহাৰী শগুণ বা বৰাশগুণ সমগ্ৰ ইউৰোপ তথা এছিয়াত বিস্তৃত হৈ আছে৷

Exit mobile version