কেন্দ্ৰীয় চৰকাৰে ভাৰতৰ সাধাৰণ নাগৰিকক কৰ’না ভেকচিন দিয়াৰ পদ্ধতিগত নিৰ্দেশনা জাৰি কৰে ।
নিৰ্দেশনাত বিতংকৈ উল্লেখ কৰা আছে কিদৰে সাধাৰণ লোকে ক’ভিড ভেকচিন গ্ৰহণ কৰিব পাৰিব । তালিকাত অন্তৰ্ভুক্ত হৈছে স্বাস্থ্যকৰ্মীসহ সকলো কৰ’না যোদ্ধা । ইয়াৰ ওপৰিও তালিকাত অন্তৰ্ভুক্ত হ’ব সেইসকল লোক যিসকলৰ বয়স ৫০ৰ উৰ্দ্ধত আৰু ‘ক’ মৰ্বিডিটি’ থকা লোকসকল ।
পদ্ধতিগত নিৰ্দেশনা অনুসৰি, প্ৰতিদিনে ১০০ৰ পৰা ২০০ লোকক ক’ভিড ভেকচিন দিয়া হ’ব । ভেকচিন দিয়াৰ পাছত ৩০ মিনিট পৰ্যৱেক্ষণ কৰা হ’ব যাতে স্বাস্থ্যৰ কোনো অৱনতি নঘটে ।
ভেকচিন প্ৰদান কৰিবলৈ পাঁচজনীয়া একো একোটা দল গঠন কৰা হ’ব । দূৰত্ববিধি মানিয়ে সকলোবোৰ কাৰ্য সম্পন্ন কৰা হ’ব ।
যিসকলে ভেকচিন গ্ৰহণ কৰিব তেওঁলোকে ১২খন পৰিচয় পত্ৰ জমা কৰিব লাগিব ক্ৰমে ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভীং লাইচেন্স, পাচপ’ৰ্ট বা পেঞ্চন নথি ইত্যাদি । সম্পূৰ্ণ কাৰ্যৰ পৰ্যৱেক্ষণ কৰিব ‘ক’ভিড ভেকচিন ইণ্টেলিজেণ্ট নেটৱৰ্কে’ ।
ভেকচিন গ্ৰহণৰ বাবে পূৰ্বেই নাম পঞ্জীয়ন কৰাৰ প্ৰয়োজনীয়তা নাই । কেন্দ্ৰত পঞ্জীয়ন কৰাৰ কোনো ব্যৱস্থা নাথাকিব ।