বিহাৰৰ হাছানগঞ্জত হৃদয় বিদাৰক ঘটনা

REPRESENTATIVE 1575629236

বিহাৰৰ হাছানগঞ্জত সংঘটিত হ’ল এক হৃদয়বিদাৰক ঘটনা। সুৰামত্ত স্বামীয়ে জুৱাত বহি হাৰি পত্নীক বন্ধুসকলৰ হাতত অৰ্পণ কৰাৰ পাছত সুদীর্ঘদিন ধৰি একাধিক লােকৰ দ্বাৰা ধৰ্ষণৰ বলি হয় ভাগলপুৰ জিলাৰ এগৰাকী মহিলা। যােৱা ২৮ অক্টোবৰত জুৱাত সকলাে হৰাৰ পাছত শেষত পত্নীক বাজি ৰাখে স্বামীয়ে; কিন্তু পত্নীক বাজি ৰাখি খেলা জুৱাতাে হাৰে। ফলত পত্নীক তুলি দিয়ে বন্ধুবৰ্গৰ হাতত। আশ্চর্যজনকভাৱে বন্ধুসকলে সকলােৰে সন্মুখতে পত্নীক ধর্ষণ কৰে।

স্বাভাৱিকতে ঘটনাটোৱে বিহাৰত আলােড়ন সৃষ্টি কৰিছে। যােৱা ২৮ অক্টোবৰৰে পৰা মহিলাগৰাকীক এটি কোঠাত আবদ্ধ কৰি ৰখা হৈছিল; কিন্তু বন্ধুসকলে কিছুদিন পূর্বে আবদ্ধ অৱস্থাৰ পৰা মুকলি কৰি দিলেও মহিলাগৰাকীয়ে যাবলৈ অস্বীকাৰ কৰাত তেওঁৰ দেহত এচিড ঢালি দিয়ে। ইয়াৰ মাজতে যােৱা ১৩ ডিচেম্বৰত মহিলাগৰাকীয়ে পলাই গৈ পিতৃগৃহত উপস্থিত হয়। তাৰ পাছত এজন সমাজকৰ্মীৰ সহায়ত সমগ্র ঘটনাটো পােহৰলৈ আহে।

মহিলাগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযােগ দাখিল কৰাৰ পাছত স্বামী এতিয়া ৰঙাঘৰৰ আলহী হ’বলগীয়া হৈছে। এই দম্পতীৰ বিবাহিত জীৱন ১০ বছৰ পুৰণি। মহিলাগৰাকীয়ে অভিযােগ কৰা অনুসৰি তেওঁ সন্তান জম্ম দিয়াত অসমর্থ হােৱা বাবেই স্বামীৰ দ্বাৰা দীর্ঘদিন ধৰি শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হ’বলগীয়া হৈ আছে। ভাগলপুৰ জিলাৰ আৰক্ষী অধীক্ষকে জনােৱা অনুসৰি গােচৰটোৰ অভিযােগনামা অকালীনভাৱে দিয়াৰ চেষ্টা কৰা হৈছে। যাতে অভিযুক্তসকলক উপযুক্ত শাস্তি প্রদান কৰিব পাৰি।

Exit mobile version