ভেনিজুৱেলাৰ গাঁৱত আশ্চর্যকৰ ঘটনা

www.elmostaqbal.com 2020 11 30 12 38 23 387313 1

নদীৰ পানীত ভাহি আহিছে সােণ আৰু ৰূপৰ গহনা। এনে এক আশ্চর্যকৰ ঘটনা সংঘটিত হৈছে দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাস্থিত কাৰাকাছত। চহৰখনৰ পার্শ্ববর্তী এখন গাঁৱত যােৱা কে’বামাহ ধৰি বহুজনে লাভ কৰিছে সােণৰ আৰু ৰূপৰ গহনা। গাঁওবাসীয়ে দাবী কৰা অনুসৰি তেওঁলােকে নদীৰ পানীত ভাহি থকা অৱস্থাত এই মূল্যবান গহনাবিলাক লাভ কৰিছে। এই গহনাবিলাক বহুতে আকৌ দোকানত বিক্ৰী কৰিও দিছে। গাঁওবাসীও এনে কার্যত অবাক হৈ পৰিছে।

সমগ্র এই ঘটনা শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আলােচনাৰ কেন্দ্রবিন্দু হৈ পৰিছে। গাঁৱৰ বহুতে গহনা পােৱাৰ আশাত নদীৰ পাৰতে থাকিব লৈছে। সকলােৰে আশা ভাগ্যোদয় হয়েই কিজানি। যােৱা ২৫ ছেপ্টেম্বৰত স্থানীয় ইয়ােলমেন লাৰেছ নামৰ এজন লােকে হঠাতে নদীত এডাল সােণৰ হাৰ লাভ কৰে। হাৰডালত এটা মেডেলৰ দৰে লকেট আছিল। লকেটটোত মাতৃ মেৰীৰ ছবি খােদাই কৰা আছিল; কিন্তু সম্পূর্ণ হার্ডল খাটি সােণৰে গঢ়া হৈছিল।

এই সন্দৰ্ভত লাৰেছে কয়,‘হাৰজডাল পাই প্রথমে মই আনন্দত ফেকুৰি উঠিছিলাে। বহু সময়লৈ মােৰ চকু সজল হৈ আছিল। বহুসময়লৈ মই ধৰিব পৰা নাছিলাে প্রকৃততে কি হৈছে। লাৰেছৰ এই বাতৰি প্ৰকাশ পােৱাৰ পাছতে চহৰখনত হুলস্থূলৰ সৃষ্টি হয়। গাঁৱৰ মানুহে আহি নদীৰ পানীত সােণৰ গহনাৰ সন্ধানত নামি পৰে। গাঁৱৰ বহুতে দাবী কৰা অনুসৰি ইতিমধ্যে একাধিক লােকে নদীখনত গহনা লাভ কৰিছে। ধনৰ বাবে এনে গহনা বিক্ৰী কৰিছে। গাঁৱৰ বাসিন্দাসকলে।

সংখ্যাৰ হিচাপ অনুসৰি প্ৰায় দুহেজাৰ গাঁওবাসীয়ে এতিয়ালৈ সােণৰ সন্ধানত দিন-ৰাতি এক কৰি দিছে। গাঁৱৰ এজন বাসিন্দাই জনােৱা অনুসৰি তেওঁ নদীত লাভ কৰা সােণ বিক্ৰী কৰি ডেৰ হেজাৰ মার্কিন ডলাৰ লাভ কৰিছে। ভাৰতীয় টকাত এই মূল্য লাখৰাে অধিক; কিন্তু এতিয়ালৈ নদীত সােণ লাভৰ ৰহস্য কোনেও ভাঙিব পৰা নাই। সমগ্র এই ঘটনা ৰহস্যৰ মাজত থাকিলেও আর্থিভাৱে অনগ্রসৰ দেশ এখনৰ লােকসকলে সােণ লাভ কৰি।আনন্দত আত্মহাৰা হৈ পৰিছে।

Exit mobile version