প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ পৰিষদীয় চৰকাৰলৈ নতুন চাৰি কাৰ্য্যবাহী সদস্যৰ অন্তৰ্ভুক্তি

554daa58 61f1 4ebd 899d 7d1f22e87fe0 1 1

আজি ৰাজ্যপালৰ কমিচনাৰ সচিব মিনাক্ষি সুন্দৰমে বিটিআৰ পৰিষদলৈ পুণৰ চাৰি কাৰ্য্যবাহী সদস্যৰ নামৰ তালিকা প্ৰকাশ কৰে।চিৰাঙৰ পৰা নিৰ্ব্বাচিত ইউপিপিএলৰ এক মাত্ৰ পাৰিষদ ৰঞ্জিত বসুমতাৰী ( এন ডি এফ বিৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেঙ্গা)কাৰ্য্যবাহী সদস্য ৰূপে নিৰ্ব্বাচিত। তেও ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত বিপিএফৰ হেভিৱেইট প্ৰাৰ্থী খাম্পা বৰগয়াৰী(বিটিচিৰ প্ৰাক্তন উপমুখ্য)ক পৰাজিত কৰি জয়ী হৈছিল।

আজিও ৰঞ্জিত বসুমতাৰী গুৱাহাটীতে আছে যদিও তেওঁৰ স’তে হোৱা বাৰ্তালাপত জনায় শুক্ৰবাৰে সমষ্টিলৈ অহাৰ কথা । ফোনত আন কোনো ধৰণৰ কথা পতা সম্ভৱ নহয় বুলিও জনায় সদস্য জনে। একেখন পত্ৰত আৰু তিনিজন কাৰ্যবাহী সদস্যৰ নাম সন্নিবিষ্ট হৈছে তেওঁলোক ক্ৰমে ইউ পিপিএল দলৰ ছয় নং কচুগাঁও পৰিষদীয় সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰীক পৰাজিত কৰি জয়ী হোৱা উকিল মোছাহাৰী ।

বাকী দুজন বিজেপি দলৰ ক্ৰমে ২৯ নং সুক্লাই চেৰফাঙৰ পৰা নিৰ্ব্বাচিত ৰমেন্দ্ৰ নাৰ্জাৰী আৰু সাত নম্বৰ ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ অৰূপ কুমাৰ দে।যোৱা ১৫ ডিচেম্বৰ বিটিআৰ মুখ্য প্ৰমোদ বড়ো সহ পাঁচ কাৰ্য্যবাহী সদস্যই শপত গ্ৰহণ কৰিছিল কোকৰাঝাৰত ।

Exit mobile version