কৃষি আইনৰ সন্দৰ্ভত জনমত গঢ়ি তোলাৰ উদ্দেশ্য পত্ৰ প্ৰকাশ কেন্দ্ৰৰ

farmer protest2

এইবাৰ কৃষি আইনৰ পক্ষত জনমত গঢ়ি তোলাৰ তৎপৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। এই আইনৰ বিৰুদ্ধে অব্যাহত থকা ভুল বুজা বুজি দূৰ কৰাৰ বাবে চৰকাৰে প্ৰকাশ কৰে আঠ পৃষ্ঠাজোৰা এখন পত্ৰ। বুজাবুজিৰ মাজেৰে সমস্যা সমাধানৰ ক্ষেত্ৰত কৃষকৰ প্ৰতিবাদী দলৰ স’তে মুক্ত আলোচনাৰ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে কেন্দ্ৰই।

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰে’লমন্ত্ৰী পীযুষ গোয়েল আৰু বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স’তে বৈঠকৰ পাছত কেন্দ্ৰীয় কৃষি মন্ত্ৰী নেৰেন্দ্ৰ সিং টোমৰে এই পত্ৰ প্ৰকাশ কৰে। অধিক সংখ্যক লোকৰ ওচৰলৈ এই পত্ৰ লৈ যোৱাৰ লক্ষ্যৰে কেন্দ্ৰই এই সিদ্ধান্ত লৈছে ।এই পত্ৰ সমগ্ৰ দেশতে ৬০০জিলাত প্ৰচাৰিত কৰা হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পত্ৰৰ বিষয়ে নিজ টুইটাৰ একাউন্টত পোষ্ট কৰে , “নৰেন্দ্ৰ টোমৰে কৃষক ভাই ভনীৰ স’তে আলোচনাৰ চেষ্টা চলাই আছে। কেন্দ্ৰৰ প্ৰকাশিত এই পত্ৰত কোৱা হৈছে যে কৃষকৰ প্ৰতিবাদী দ’লৰ লগত কেন্দ্রই আলোচনাত মিলিত হবলৈ সাজু আছে। এই ক্ষেত্ৰত কোনো বিৰোধীৰ এজেন্ডাক ঠাই দিয়া নহব। পত্ৰৰ অভিযোগ অনুসৰি বিৰোধীয়ে এই আইনত কৃষকক ভুল পথত নিয়াৰ চেষ্টা চলাইছে।

লগতে পত্ৰত কৃষক সকলক আশ্বাস দি কোৱা হৈছে , ন্যূনতম সমৰ্থিত মূল্যক লৈ তেওঁলোকে যি আশংকা কৰিছে, তেনে আশংকাৰ কোনো কাৰণ নাই । কেৱল সেয়াই নহয় এই আইনৰ ফলত কৃষকসকলৰ মাজত ভূমিক লৈ যি ভয়ৰ সৃষ্টি হৈছে সেয়াও দূৰ কৰাৰ চেষ্টা কৰি আছে কেন্দ্ৰই। কৃষকসকলৰ ভূমি কাঢ়ি লোৱা বিষয়টো সম্পূৰ্ণ ভিত্তিহীন।

ভূমি কৃষকসকলৰে হৈ থাকিব । বিৰোধীয়ে কোৱা মতে , চৰকাৰে যি পত্ৰ প্ৰকাশ কৰিছে তাত কোনো নতুন প্ৰস্তাৱ নাই লগতে সমাধানৰো দিশ নাই। কৃষক আন্দোলনৰ বিষয়টো ইতিমধ্যে উচ্চতম ন্যায়ালয়লৈ গৈছে। শীর্ষ আদালতত জনোৱা মতে, কৃষিক সংগঠনৰ প্ৰতিনিধিৰ লগত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিৰ এখন কমিটি গঠন কৰা হ’ব।

Exit mobile version