নাথাকিব টোল গেট !

087e4330 d3e9 48b0 9179 1c08849e605a

দুবছৰৰ ভিতৰত ভাৰতত উঠাই দিয়া হ’ব টোল প্লাজা । কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গডকৰিয়ে জনাই যে, জিপিএছ পদ্ধতিৰে টোল সংগ্ৰহ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে । যান-জঁট দূৰ কৰিবলৈ আৰু টোলৰ পৰিমাণ বৃদ্ধি কৰিবৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

সম্প্ৰতি বাণিজ্য আৰু উদ্যোগ সভাত গডকৰিয়ে কয় যে, ৰাছিয়াৰ এখন সংস্থাৰ পৰামৰ্শ মৰ্মে প্ৰযুক্তিগত সহায়তাৰ জৰিয়তে দেশজুৰি জিপিএছ ইলেক্ট্ৰনিক পদ্ধতিত সংগ্ৰহ কৰা হ’ব। নতুন পদ্ধতিত বাহনখন কিমান দূৰলৈ ভ্ৰমণ কৰিছে তাৰ ভিত্তিত বাহনৰ স্বত্বাধিকাৰীৰ বেংক একাউণ্টৰ পৰা টোল সংগ্ৰহ কৰি লোৱা হ’ব ।

এতিয়াৰে পৰা চৰকাৰে টোল প্লাজাবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে কৰা বিপুল ব্যয়ৰ পৰাও হাত সাৰিব । মন্ত্ৰী গডকৰিয়ে কয় যে, এইটো নিশ্চিত যে এই প্ৰযুক্তিৰ ব্যৱহাৰৰ পাছত কোনো বাহনে টোল ফাঁকি দিব নোৱাৰিব । পুৰণি বাহনসমূহটো জিপিএছ লগাবৰ বাবে চৰকাৰে আইন গ্ৰহণ কৰিব । এই নতুন পদ্ধতিৰ বাবে আগন্তুক পাঁচ বছৰত চৰকাৰৰ আয় হ’ব প্ৰায় এক লাখ ৩৪ হেজাৰ কোটি টকা ।

Exit mobile version