কৃষি আইনক লৈ ক্ৰমশঃ চাপ বৃদ্ধি পাইছে।প্ৰধান মন্ত্ৰী আশ্বাস প্ৰদানৰ পাছতো নিজ সিদ্ধান্তকত অটল কৃষকসকল ।আজি পুৱা দিল্লীৰ গুৰুদ্বাৰত প্ৰাৰ্থনা কৰিবলৈ উপস্থিত হয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। লগতে শনিবাৰে থকা গুৰু তেগ বাহাদুৰৰ মৃত্যু বাৰ্ষিকীত সৰ্বোচ্চ ত্যাগৰ বাবে গুৰু তেগ বাহাদুৰক শ্ৰদ্ধা জনায় নৰেন্দ্ৰ মোদীয়ে।
গুৰুদ্বাৰতে শেষকৃত্য সম্পন্ন হৈছেল নৱম শিখগুৰু গুৰু তেগ বাহাদুৰৰ।উল্লেখযোগ্য যে গুৰুদ্বাৰত প্ৰধানমন্ত্ৰী মোদীৰ আগমনত কোনো ধৰণৰ নিষেধাজ্ঞা জাৰি কৰা হোৱা নাছিল। টুইটাৰত নিজৰ একাউণ্টত মোদীয়ে এটা পোষ্টৰ দ্বাৰা কয় যে,’আজি পুৱা গুৰুদ্বাৰা ৰাকবগঞ্জত প্ৰাৰ্থনা কৰিছোঁ। বিশ্বৰ লাখ লাখ মানুহৰ দৰে মইয়ো অত্যন্ত ধন্য হৈছোঁ। শ্ৰী গুৰু তেগ বাহাদুৰৰ জি’ৰ মহত্বত মই গভীৰভাৱে অনুপ্ৰাণিত হৈছোঁ।