টিপিএমকে, এমএমকে, টিএমএমকে আৰু তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত লাইকা-দধিয়াবাসীয়ে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকৰ দাবী বনগাঁৱৰ লোকসকলৰ সংস্থাপন দিব লাগে আৰু ডিব্ৰুচৈখোৱা ৰাষ্ট্ৰীয় উদ্যানক প্ৰকৃত ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তুলিব লাগে ।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ শ শ লোক ডিব্ৰুনৈ ফেৰিৰে পাৰ হৈ গুইজান ঘাটত সমবেত হৈ উপায়ুক্তৰ কাৰ্যালয়লৈ সমদল কৰে। এসপ্তাহৰ ভিতৰত দাবী পূৰণ নকৰিলে জিলা উপায়ুক্তৰ সন্মুখতে অৱস্থান কৰাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ। লাইকা-দধীয়াৰ পৰা অহা লোকসকলে গুইজান ঘাটৰ পৰা প্ৰায় আঠ কিলোমিটাৰ তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়লৈকে সমদল কৰি আহি ধৰ্ণা প্ৰদৰ্শন কৰে।