মানুহজনৰ নাম অশােক মুচী ওৰফে অশােক পাৰমাৰ। গুজৰাটৰ আহমদাবাদ এই লােকজন ২০০২ৰে পৰা বিশেষভাৱে পৰিচিত। সম্প্রতি তেওঁৰ প্ৰসংগ পুনৰ শিৰােনামা লৈ আহিছে দিল্লীৰ কৃষক আন্দোলনত অংশগ্রহণক কেন্দ্র কৰি। ২০০২ গুজৰাট সংঘৰ্ষৰ সময়ত এই লােকজনৰ এখন ছবিয়ে বিশেষ প্রচাৰ লাভ কৰিছিল।
সেই সময়ত গাল ভর্তি দাড়িৰ এই লােকজনৰ সোঁহাতত এডাল লােৰ ন্ড আৰু মুষ্ঠিবদ্ধ বাওঁ হাতৰ লগতে কপালত গেৰুৱা কাপােৰৰ পাৰি থকা ছবিখন সকলােৰে বাবে পৰিচিত হৈ পৰিছিল। কেন্দ্রীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলনত অংশ ল’বলৈ আহমদাবাদৰ পৰা হেজাৰ কিলােমিটাৰ দূৰৰ ৰাজস্থান-হাৰিয়ানা সীমান্তত উপস্থিত হৈছে অশােক মুচী।
২০০২ত বিশেষ পৰিচয় লাভ কৰা আশােক এতিয়া ২০২০ততা একেদৰেই সকলােৰে মাজত পৰিচিত হৈ পৰিছে। সম্প্রতি প্রকাশ পােৱা ছবিখনত অশােকৰ সোঁহাতত আছে চাহ থকা কাগজৰ কাপ এটা। বাওঁ হাতত আছে কৃষক সংগঠনৰ পতাকা। গুজৰাট সংঘর্ষ সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰা আশােক সম্প্রতি যথেষ্ট শান্ত।
২০০২ত আশােকৰ স’তে দলৰ নাম জড়িত কৰি দিয়া হৈছিল। এতিয়া কিন্তু চৰকাৰৰ আইনৰ বিৰুদ্ধে অৱস্থান কৰিছে অশােকে। গুজৰাটৰ পৰা অশােকৰ স’তে আৰু বহুলােক দিল্লীলৈ আহিছে কৃষক আন্দোলনক সমর্থন জনাবলৈ। আশােকৰ সতে আছে সর্বভাৰতীয় খেত মজদুৰ সংগঠনৰ যুটীয়া সম্পাদক বিক্রম সিংহ।
শ্বাহজাহানপুৰত অৱস্থান কৰা বিক্রম সিংহই কয়, “গুজৰাটৰ কৃষক সংগঠনৰ স’তে অশােকে ইয়ালৈ আহিছে। আমাৰ আন্দোলনত তেওঁ সক্রিয় হৈ পৰিছে। অশােক মুচীৰ প্রকৃত উপাধি পাৰমাৰ। বৃত্তিত জোতা চিলাই কৰে অশােকে। গুজৰাট সংঘৰ্ষৰ সময়ত অশোকৰ এই ভয়ংকৰ ছবিখন ব্যপক হাৰত প্রকাশ পাইছিল।
এতিয়া কৃষক আন্দোলনত অংশ লােৱাৰ পাছত পূর্বৰ দৰেই সংবাদ মাধ্যমত ছবি প্রকাশ পাইছে। চিপিএম নেতা মহম্মদ চেলিমে এই নতুন ছবিখন টুইটাৰত পষ্ট কৰিছে। টুইটত চেলিমে লিখিছে, তেওঁৰ নাম অশােক পাৰমাৰ ওৰফে অশােক মুচী। ২০০২ৰ গুজৰাট সংঘৰ্যৰে জড়িত। এতিয়া কৃষক আন্দোলনত ৰঙা পতাকাসহ অংশ লৈছে।