এহেজাৰ কিলােমিটাৰ পথ অতিক্রম কৰি কৃষক আন্দোলনত যােগ দিছে ৬০ বছৰ বয়সীয়া সত্যদেৱ মাঝিয়ে। ছিৱানৰ পৰা ১১ দিন ধৰি চাইকেল চলাই আহি এই লােকজনে এতিয়া দিল্লী-হাৰিয়ানা সীমান্তত অৱস্থানত বহিছে। চাইকেল চলাই আহােতে প্রতিবাৰ বিশ্রাম লােৱাৰ সময়তে কৃষক আন্দোলনৰ সন্দৰ্ভত আন ১০ জনকো এই সন্দৰ্ভত সবিস্তাৰে কোৱাৰ চেষ্টা কৰিছে।
তদুপৰি আন্দোলনলৈ সমর্থন আদায়ৰাে চেষ্টা কৰিছে মাঝিয়ে দিল্লীত উপস্থিত হৈ তেওঁ পুনৰ নতুন কৃষক আইন প্রত্যাহাৰৰ দাবী জনায়। মাঝিয়ে কয়, মই ছিৱানৰ পৰা যােৱা ১১ দিন ধৰি চাইকেল চলাই আহি প্রতিবাদৰ থলী পাইছাে। মই বিচাৰাে চৰকাৰে এই আইন প্রত্যাহাৰ কৰক। যিমান দিনলৈ প্রতিবাদ হ’ব মই দিল্লীতে থাকিম। মাঝিয়ে চাইকেলত দেশৰ লগতে কৃষক আন্দোলনৰ পতাকা লগাই লৈছে।
লগত লৈ আহিছে খাদ্যও। দীর্ঘদিনলৈ দিল্লীত থকাৰ পৰিকল্পনাৰে আহিছে মাঝি। কৃষকসকলে যােৱা ২৬ নৱেম্বৰৰে পৰা দিল্লীৰ সীমান্তত অৱস্থানত বহি আছে। কৃষকসকলে লগত দীর্ঘদিনলৈ বুলি ৰছদপাতি লৈ আহিছে। বর্তমানলৈ চৰকাৰ আৰু কৃষক সংগঠনৰ মাজত বহু লানি আলােচনা হৈছে যদিও কোনাে ফলাফল ওলােৱা নাই। বিৰােধী ৰাজনৈতিক দলবিলাকেও কৃষকৰ আন্দোলনলৈ সমর্থন আগবঢ়াইছে।