বন বিভাগৰ অজ্ঞাতে শক্তি বিভাগে ৰাজ্যৰ বিভিন্ন স্থানত বনাঞ্চলৰ বেদখলকাৰীক বিদ্যুৎ সংযােগ দিয়াক লৈ শেহতীয়াকৈ সংঘাতে গুৰুতৰ ৰূপ ধাৰণ কৰিছে এই দুই চৰকাৰী বিভাগৰ মাজত। পৰিস্থিতি এনে পর্যায় পাইছে যে অসম বিদ্যুৎ বিতৰণ কোম্পানী লিমিটেডে (এ পি ডি চি এল)ৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি গােচৰ ৰুজু কৰিবলৈ বন বিভাগে শেহতীয়াকৈ সিদ্ধান্ত গ্রহণ কৰিছে; কিন্তু তাকে কৰিবলৈ আগবাঢ়িও আন এক প্রত্যাহ্বানৰ সন্মুখীন হৈছে।
বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত তেনে ধৰণৰ কঠোৰ পদক্ষেপেৰে ভােটাৰক ক্ষুন্ন কৰাটো সম্ভৱপৰ হ’বনে তাকে লৈ চিন্তা-চৰ্চা চলিছে। তদুপৰি শক্তি বিভাগটো সম্প্রতি স্বয়ং মুখ্যমন্ত্ৰীৰ অধীনৰ। তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিভাগ এটাৰ বিৰুদ্ধে গােচৰ তৰাটো বন বিভাগৰ বাবে সম্ভৱ হ’ব জানাে? ৰাজ্যৰ বন বিভাগৰ উচ্চ স্তৰীয় সূত্রই ‘দৈনিক অগ্রদূত’ক কয় যে বনভূমিত বেদখল কৰা হেজাৰ হেজাৰ পৰিয়ালক এ পি ডি চি এল-এ ৰহস্যজনক ভূমিকাৰে বিদ্যুৎ সংযােগ দি আহিছে।
বন বিভাগৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ বনভূমিৰ ২২ শতাংশ সম্প্রতি বেদখলকাৰীৰ কৱলত পৰিছে। অসমৰ সংৰক্ষিত বনাঞ্চলসমূহৰ ১৩.৫৫ লাখ হেক্টৰ ভূমিৰ কমেও ৩.৭৪ লাখ হেক্টৰ অবৈধভাৱে দখল কৰা হৈছে। তেনেদৰে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভূমিও ব্যাপক হাৰত বেদখলকাৰীৰ কৱলত পৰিছে। তাত বাস কৰা হেজাৰ হেজাৰ পৰিয়ালক দিয়া হৈছে বিদ্যুৎ সংযােগ। অকল গুৱাহাটীৰে সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰা ২০ হেজাৰৰাে অধিক পৰিয়ালক বিদ্যুৎ সংযােগ দিয়াৰ আনুমানিক হিচাপ বন বিভাগে উলিয়াইছে।
বন বিভাগৰ সূত্ৰটোৱে জনায় যে বেদখলকাৰীক উচ্ছেদৰ বাবে তেওঁলােকে পদক্ষেপ গ্রহণ কৰিলেই সংশ্লিষ্ট লােকসকলে বিদ্যুৎ সংযােগ কৰা প্রমাণপত্র আদালতত দাখিল কৰে। ফলত উচ্ছেদ বন্ধ ৰাখিবলৈ বন বিভাগ বাধ্য হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্ট পৰিয়ালবােৰৰ বিদ্যুৎ সংযােগ কর্তন কৰিবলৈ বন বিভাগে এ পি ডি চি এলক বাৰম্বাৰ অনুৰােধ জনাই আহিছে। অথচ এ পি ডি চি এল তথা শক্তি বিভাগে তেনে অনুৰােধক কোনাে গুৰুত্বই দিয়া নাই।
ফলস্বৰূপে বন বিভাগে এ পি ডি চি এলৰ বিৰুদ্ধে গােচৰ তৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। তাৰ বাবে সকলাে মাণ্ডলিক বন বিষয়া (ডি এফ অ’)ক প্রয়ােজনীয় নির্দেশনা দিয়া হৈছে। সেই অনুসৰি ডি এফ অ’ সকলে বেদখলকাৰীক বিদ্যুৎ সংযােগ দিয়াৰ বাবে নিজৰ নিজৰ অঞ্চলত এ পি ডি চি এলৰ বিৰুদ্ধে গােচৰ তৰিব লাগিব। প্রসংগক্রমে উল্লেখ্য যে শেষবাৰৰ বাবে যােৱা জুলাইত এ পি ডি চি এল কর্তৃপক্ষই বন বিভাগৰ অনুৰােধমর্মে বিদ্যুৎ সংযােগ কর্তনৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিব বুলি বিভাগীয় বৈঠকত সিদ্ধান্ত গ্রহণ কৰিছিল; কিন্তু আজিকোপতি সেয়া কাৰ্যকৰী নহ’ল।
এই প্ৰসংগতে এ পি ডি চি এলৰ শীর্ষ সূত্রই জনায় যে বিভাগে তেনে সিদ্ধান্ত গ্রহণ কৰিলেও তাক কার্যত ৰূপায়ণ কৰাটো ইমান সহজসাধ্য নহয়। কিয়নাে এনে উচ্ছেদ অভিযানৰ স’তে ৰাজনৈতিক বাধ্যবাধকতা জড়িত হৈ থাকে। এই কথা সকলােৰে জ্ঞাত যে বনাঞ্চলত বেদখলৰ আঁৰত ৰাজনৈতিক নেতাৰ সহযােগিতা থকাটো ইতিমধ্যে একাধিকবাৰ প্রমাণিত হৈছে ৰাজ্যত।