‘চনু সুদ ফাষ্ট ফুড ষ্টল’ত নিজৰ হাতেৰে ৰান্ধি আনন্দিত কৰিলে অনুৰাগীসকলক

d36d35c19b27fee6da75f5e8c262dc7a 1

কৰ’না ভাইৰাছৰ সময়ত হোৱা লকডাউনৰ ফলত সংকটতত পৰা যিসকল কৰ্মীয়ে নিজ গৃহলৈ উভতি যাব পৰা নাছিল সেইসকলক গৃহলৈ উভতি যোৱাত সহায় কৰাৰ বাবে চনু সুদক সকলোৱে প্ৰশংসা কৰিছিল ।


অভিনেতাজনে অলপতে হায়দৰাবাদত তেওঁৰ নামত নিৰ্ধাৰণ কৰা পথৰ কাষৰ খাদ্য ষ্টলত গৈ ভুমুকীয়াইছিল । ‘চনু সুদ ফাষ্ট ফুড ষ্টল’ আছিল অভিনেতাজনৰ এজন অনুৰাগীয়ে দিয়া নাম। চনু সুদে তেওঁৰ ভ্ৰমণৰে সকলোকে আচৰিত কৰিছিল আৰু তেওঁৰ বাৰ্তালাপৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ছেয়াৰ কৰিছিল।চনু সুদে প্ৰকাশ কৰে যে তেওঁ ছ’চিয়েল মিডিয়াত ষ্টলখন দেখা পাইছিল ।

‘আজি মই ভ্ৰমণ কৰাৰ সুযোগ পাইছো আৰু মই ইয়াত এগ ফ্ৰাইড ৰাইছ আৰু মানচুৰিয়ান খালো’ বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে । তেওঁ নিজৰ হাতেৰে ৰান্ধি দোকানখনত থকা অনুৰাগীসকলক আনন্দিত কৰিছিল।

অভিনেতাগৰাকীক টেলেংগানাত তেওঁৰ এটা প্ৰতিমূৰ্তি সাজি ভগবানৰ দৰ্জা দিয়া হৈছিল। “মই সুখী অনুভৱ কৰো যে সকলোৱে মোক ইমান মৰম দিছে । মই নিশ্চিতভাৱে ‘চিদ্দিপেট’ মন্দিৰলৈ যাম। মই এজন অতি সাধাৰণ মানুহ, মন্দিৰ নহয়, কিন্তু ভালপোৱা অটুট ৰাখিব লাগিব,” বুলি মন্তব্য কৰে জনপ্ৰিয় অভিনেতা চনু সুদে।

Exit mobile version