চিৰাঙত বিটিচি ৰ মুখ‍্য কাৰ্যবাহী সদস‍্য প্ৰমোদ বড়োৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি বিতৰণ

7dea80c9 c6d8 47de a273 345ffe1fec54

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত চিৰাং জিলাত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰীৰ মাজত আজি স্কুটী বিতৰণ কৰা হয়। এই উপলক্ষে চিৰাং জিলাৰ সদৰ কাজলগাঁও বড়োলেণ্ড অতিথিশালাৰ কাষৰ খেলপথাৰত আয়োজিত এক অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি স্কুটী সমূহ বিতৰণ কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই ।

জিলাখনৰ মুঠ ২৮৭ গৰাকী ছাত্ৰীয়ে এই স্কুটী লাভ কৰিবলৈ সক্ষম হৈছে। অনুষ্ঠানত আজি মুঠ ৫০ গৰাকী ছাত্ৰীক স্কুটী বিতৰণ কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি বিটিচিৰ কাৰ্যাবাহী সদস্য প্ৰমোদ বড়োই মানৱ সভ্যতা গঢ়াৰ বাবে ড° বাণীকান্ত কাকতিৰ দৰে এজন আদৰ্শবান লোকৰ জন্ম হৈছিল বুলি উল্লেখ কৰি বাণীকান্ত কাকতিৰ আদৰ্শৰে অনুপ্ৰাণিত হবলৈ ছাত্ৰী সকলক আহ্বান জনায় ৷ তেওঁ কয় যে মানুহ জীয়াই থাকিবলৈ যিদৰে বায়ু-পানীৰ প্ৰয়োজন একেদৰে শিক্ষাৰো প্ৰয়োজন।

ভাষণত প্ৰমোদ বড়োই বিটিচিত শিক্ষা বিভাগত গুণগত শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে । অনুষ্ঠানত বিটিচিৰ পৰিষদীয় সদস্য ৰাকেশ ব্ৰহ্ম, মাধৱ চন্দ্ৰ ছেত্ৰী, বিটিচিৰ শিক্ষা সঞ্চালক জগদ্বীশ প্ৰসাদ ব্ৰহ্ম, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং , বিদ্যালয় সমূহৰ পৰিদৰ্শক বিজয় বৈষ্ণৱ, জিলা শিক্ষা বিষয়া সহ বহুকেইজন অতিথি উপস্থিত থাকে ৷

Exit mobile version