শালবাৰীৰ মধ্য হাউলী এম ই স্কুলত ব্ৰেইলী দিৱস উদযাপন

IMG 20210104 174654

অসম সৰ্বশিক্ষা অভিযান মিছন বাগছা জিলাৰ জালাহ প্ৰাথমিক শিক্ষা খণ্ডৰ উদ্যোগত আজি জিলাখনৰ শালবাৰীৰ মধ্য হাউলী এম ই স্কুলত দিনজোৰা কাৰ্যসূচীৰে বিশ্ব ব্ৰেইলী দিৱস উদযাপন কৰা হয় ৷

কাৰ্যসূচী অনুসৰি পুৱা ১০ বজাত পতাকা উত্তোলন কৰে মধ্য হাউলী এম ই স্কুল পৰিচালনা সমিতিৰ সভাপতি নীলকান্ত বৰ্মনে । ছহিদ তৰ্পন কৰে মধ্য হাউলী এমই স্কুলৰ প্ৰধান শিক্ষক দীপল চন্দ্ৰ বড়োৱে । সমাজকৰ্মী গণেশ দাসে বৃক্ষৰোপণ কৰে ৷ বিয়লি বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন, গীত আৰু কবিতা পাঠ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

এই কাৰ্যসূচী মুকলি কৰে জালাহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৰোজ মহিলাৰীয়ে ৷ আবেলি মুকলি সভা আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ সমূহ কাৰ্যসূচীৰ আঁত ধৰে জালাহ খণ্ড প্ৰাথমিক কাৰ্যালয়ৰ আই বিভাগৰ বিষয়া ভূদেৱ গোস্বামীয়ে । বহুকেইগৰাকী চিআৰচিচিয়ে সহযোগ কৰে ৷

Exit mobile version