প্ৰতিকুল বতৰকো নেওচি বিহপুৰীয়াত অগপৰ বৃহৎ জাতীয় ঐক্য সমাৰোহ

WhatsApp Image 2021 01 11 at 4.55.07 PM 1

প্ৰতিকুল বতৰকো নেওচি মাধৱদেৱ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত বিহপুৰীয়া বিধান পৰিষদৰ উদ্যোগত আজি আয়োজিত বৃহৎ জাতীয় ঐক্য সমাৰোহত অংশগ্ৰহণ কৰি সভাপতি বৰাই কংগ্ৰেছ-এ আই ইউ ডি এফৰ লগতে নাম উল্লেখ নকৰাকৈ নতুন ৰাজনৈতিক দলৰ বিৰুদ্ধেও তীব্ৰ আক্ৰমনাত্মক বাক্যবাণ নিক্ষেপ কৰে ।

       

উপস্থিত হেজাৰ হেজাৰ জনতাৰ মাজৰ পৰা ভাহি অহা জয় আই অসম ধ্বনিৰ মাজতে সভাপতি বৰাই কয় : ক্ষমতাত নাথাকিলে কংগ্ৰেছ শান্তিৰে থাকিব নোৱাৰে । সেয়েহে এদিন ” হু ইজ বদৰুদ্দিন” বুলি কোৱা কংগ্ৰেছে এতিয়া আজমলৰ হাতত হাত ধৰি দিছপুৰৰ বিজেপি-অসম গণ পৰিষদৰ মিত্ৰ জোটৰ চৰকাৰখন এইবাৰ ক্ষমতাচ্যুত কৰিব বিচাৰিছে ।

কিন্তু কংগ্ৰেছ-আজমলৰ এই আশা চিৰদিন অলীক কল্পনা হৈ ৰ’ব । বিটিচি নিৰ্বাচনত দুয়োটা দলৰ এই অপবিত্ৰ মিত্ৰতাক ৰাইজে এটা ডাঙৰ শূন্য উপহাৰ দি থৈছে । আগন্তুক বিধান সভাৰ নিৰ্বাচনতো তাৰেই পুনৰাবৃত্তি হ’ব । একালৰ অসম গণ পৰিষদৰ দুৰ্গ হিচাপে বিহপুৰীয়াক অভিহিত কৰি এইটো সমষ্টিৰ পৰাই বিধান সভা নিৰ্বাচনত দলটোৱে দুবাৰকৈ বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল বুলিও সভাপতি বৰাই মন্তব্য কৰে ।

অসমৰ মাটিত অসম গণ পৰিষদ দল আঞ্চলিকতাবাদৰ সুদৃঢ় স্তম্ভ বুলি সগৌৰবে দোহাৰি সভাপতি বৰাই পুনৰাই কয় যে আমাৰ দলটো দুদিনৰ আন্দোলন কৰি একে ৰাতিতে জন্ম হোৱা নাই । কংগ্ৰেছৰ জাতিধ্বংসী কাৰ্যৰ বিৰুদ্ধে এক দীঘলীয়া ঐতিহাসিক সংগ্ৰামৰ অন্তত অসমৰ ৰাইজে অসম গণ পৰিষদ দলৰ জন্ম দিছিল । সেয়েহে এই দলৰ শিপা কোনেও উভালিব নোৱাৰে ।

বৰং এতিয়া দলটোৰ নতুন- পুৰণি সকলোৱে দিন ৰাতি একাকাৰ কৰি প্ৰবল উদ্যম, নিষ্ঠা, সততা আৰু ঐকান্তিকতাৰে কাম কৰি দলটোৰ শিপা অধিক গভীৰতালৈ শিপাইহে নিছে । ৰাইজৰ সীমাহীন আৰ্শীবাদ, সাহস আৰু শক্তিৰে অসম গণ পৰিষদ দলে নতুনকৈ প্ৰাণ পাই ফিনিক্স পক্ষীৰ দৰে আকৌ আকাশৰ বুকুলৈ ধাবমান হৈছে । দলটোৰ এই অমোঘ-অনিৰুদ্ধ যাত্ৰা কোনো অপশক্তিয়ে ৰুধিব নোৱাৰে ।

সাময়িক বিপৰ্যয়ৰ পৰা দেখি-ঠেকি অভিজ্ঞতা আহৰণ কৰি সকলো পৰ্যায়ৰ নেতা-কৰ্মীয়ে নতুন জাতীয়তাবাদৰ ধ্যান ধাৰণাৰে নীলিম আকাশৰ বুকুত অসম গণ পৰিষদ দলৰ ৰঙীন পতাকাখন উৰুৱাবলৈ সংকল্পবদ্ধ হৈছে বুলিও সভাপতি বৰাই ভাষণ প্ৰসংগত উল্লেখ কৰে । অসম গণ পৰিষদ দলক অসমৰ সকলো জাতি- জনগোষ্ঠী, ধৰ্ম, বৰ্ণ, ভাষা- ভাষী, সম্প্ৰদায়ৰ আপোন ঘৰ হিচাপে অভিহিত কৰি সভাপতি বৰাই দলটোৰ একাংশ সমালোচকক উদ্দেশ্যি তীব্ৰ বাক্যবাণ নিক্ষেপ কৰে ।

কাৰো নাম নোলোৱাকৈ এনে সমালোচকৰ বিৰুদ্ধে চৰম ক্ষোভ উজাৰি সভাপতি বৰাই কয় : অসম গণ পৰিষদ দলক বহুতে ৰাজহুৱা ডবা বুলি ভাবে । মন গ’লেই এনে লোকে এই ডবাটোত এছাট মাৰিব খোজে । অসম গণ পৰিষদৰ পিঠিত এছাট মাৰিয়েই এনে এচাম বুদ্ধিজীবী , নিবন্ধকাৰে টিভিৰ টক শ্ব’ত (Talk Show) ত সময় পাৰ কৰে । পিছে এইবোৰ দেখি শুনি অসম গণ পৰিষদৰ দলীয় সতীৰ্থই বেজাৰ কৰাৰ কোনো প্ৰয়োজন নাই । সোণ পুৰিলেহে উজ্বল হয় । অসম গণ পৰিষদ খাটি সোণ, সেয়েহে আমাৰ দলটোৰ সঁচা উজ্বলতা ৰাইজে দেখিবলৈ পাবই ।

দিছপুৰৰ বৰ্তমানৰ মিত্ৰজোটৰ চৰকাৰে ৰাইজক সুশাসন উপহাৰ দিছে বুলি দাবী কৰি সভাপতি বৰাই পুনৰাই কয় যে এপিএছচিৰ অকল্পনীয় সংস্কাৰ ইয়াৰ সামান্য এটা উদাহৰণহে । ঘোচ নিদিলেই চাকৰি নোহোৱা এপিএছচিত এতিয়া মেধাই একমাত্ৰ মাপকাঠি হৈ পৰিছে । ইপিনে, প্ৰতিকুল বতৰ স্বতেও বিহপুৰীয়াৰ ৰাইজ অসম গণ পৰিষদৰ সভালৈ ওলাই অহা দেখি অত্যন্ত আনন্দিত হৈ পৰে দলটোৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত ।

শদিয়াৰ পৰা ধুবুৰীলৈকে, ব্ৰহ্মপুত্ৰৰ পৰা বৰাকলৈ অসম গণ পৰিষদৰ প্ৰতি সকলো শ্ৰেণীৰ ৰাইজে দেখুওৱা এনে অভূতপূৰ্ব মৰম চেনেহে দলটোৰ ভেটি অধিক মজবুত কৰি তুলিছে বুলি তেওঁ মন্তব্য কৰে কেশৱ মহন্তৰ।এটা সম্পূৰ্ণ ধৰ্ম নিৰপেক্ষ দল হিচাপে অসম গণ পৰিষদৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকৰ বাবে খোলা আছে বুলি সদৰি কৰি কাৰ্যকৰী সভাপতি মহন্তই কয় : এইবাৰো দিছপুৰত অসম গণ পৰিষদ আৰু বিজেপি মিত্ৰজোটৰ চৰকাৰ হ’বই ,ইয়াক কোনেও বাধা দি ৰাখিব নোৱাৰে ।

অসম গণ পৰিষদে ৰাইজক অলীক বা নাভূত নাশ্ৰুত প্ৰতিশ্ৰুতি দিয়াৰ সলনি বাস্তবৰ সৈতে সম্ভৱপৰ কথাহে কয় । উল্লেখযোগ্য যে আজিৰ এই বৃহৎ জাতীয় ঐক্য সমাৰোহত দলটোৰ অন্যতম জ্যেষ্ঠ উপসভাপতি তথা বিহপুৰীয়া সমষ্টিৰ প্ৰাক্তন বিধায়ক কেশৰাম বৰা, উপসভাপতি মহেশ দলে, সাধাৰণ সম্পাদক তথা অসম গণ পৰিষদ দলৰ প্ৰাক্তন মন্ত্ৰী প্ৰবীণ হাজৰিকা, সম্পাদক জয়ন্ত খাউণ্ড, অসম যুব পৰিষদৰ সভাপতি জিতু বৰগোহাঞি, মুখপাত্ৰ তথা দলৰ সাংস্কৃতিক কোষৰ সভানেত্ৰী কল্পনা পাটোৱাৰী, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, সিদ্ধেশ্বৰ হাজৰিকা, অনন্ত বৰা জিলা সভাপতি দীপক বৰদলৈ প্ৰমুখ্যে দলটোৰ ভাতৃ-ভগ্নী সংগঠন, বিধান পৰিষদৰ আন আন বিষয়ববীয়া উপস্থিত থাকে ।

Exit mobile version