এয়াৰ ইণ্ডিয়াৰ ইতিহাসত নতুন নজিৰ স্থাপন কৰিলে দেশৰ চাৰিগৰাকী মহিলাই। দুদিনমানৰ পূর্বে তিনিগৰাকী মহিলা ৰেলকর্মীয়ে দেশত এখন মালবাহী ৰেল চলাই নি ইতিহাস ৰচিছিল। এইবাৰ দেশৰ আন চাৰিগৰাকী মহিলাই বিমান উৰণৰ দ্বাৰা বিশেষ নজিৰ স্থাপন কৰিলে। ছান ফ্রান্সিস্ক’ৰ পৰা উত্তৰ মেৰু অতিক্ৰম কৰি বাংগালুৰুলৈ প্রায় ১৬ হেজাৰ কিলােমিটাৰৰ এই পথত তেওঁলােকে ইতিমধ্যে আৰম্ভ কৰিলে এয়াৰ ইণ্ডিয়াৰ এক অবিৰত বাণিজ্যিক উৰণ।
আজি বাংগালুৰুৰ কেম্পেগৌড়া আন্তর্জাতিক বিমানকোঠত তেওঁলােকৰ বিমানে অৱতৰণ কৰিব। এই কঠিন যাত্রা পথত বিমানৰ ককপিটত আছে চাৰিগৰাকী মহিলা,যি এয়াৰ ইণ্ডিয়াৰ ইতিহাসত নজিৰবিহীন। এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা জনােৱা হৈছে যে উত্তৰ মেৰুৰ ওপৰেদি বিমান চলােৱা অত্যন্ত কঠিন। এই পথত বিমান চলােৱাৰ বাবে দক্ষ তথা অভিজ্ঞ পাইলটকহে ককপিটত বহাৰ অনুমতি দিয়ে বিমান সংস্থা সমূহে।
১৭ ঘণ্টাৰ এই কঠিন ভ্রমণটোৰ নেতৃত্বত আছে কেপ্টেই জয়া আগৰৱাল। ইতিহাস সৃষ্টিৰ বাবে তেওঁ যাত্ৰা আৰম্ভ কৰাৰ আগৰে পৰাই উন্মুখ হৈ আছিল। ২০১৩ত সর্বকনিষ্ঠ মহিলা পাইলট ৰূপে জয়াই ব’য়িং ৭৭৭ বিমান উৰাইছিল। এইবাৰ ভ্রমণেও আন এক মুকুতা সংযােগ কৰিলে তেওঁৰ মুকুটত। এয়াৰ ইণ্ডিয়াৰ প্রথম মহিলা কমাণ্ডাৰৰূপে জয়াই অতিক্রম কৰিব উত্তৰ মেৰু। যাত্ৰাৰ পূর্বে উৎফুল্লিত জয়াই কয়, ‘বিশ্বৰ অধিকাংশ লােকেই জীৱনত উত্তৰ মেৰু দেখা নাই, আনকি মানচিত্রতাে।
বিমান পৰিবহণ মন্ত্রণালয় আৰু সংস্থাই মােৰ প্ৰতি যি ভৰসা দেখুৱাইছে, তাৰ বাবে মই কৃতজ্ঞ। বিশ্বৰ অন্যতম দীঘলীয়া উৰণপথত ব’য়িং ৭৭৭-২০০ এল আৰক নেতৃত্ব দিয়াটোও এক পৰমপ্রাপ্তি। যিকোনাে পেছাদাৰী পাইলটৰ বাবে এয়া যেন স্বপ্নপূৰণ। এই যাত্ৰাত জয়াৰ স’তে ককপিটত আছে কেপ্টেইন থাম্মাই পাপাগড়ী, আকাংক্ষা সােণাৱানে আৰু শিৱানী মানহাছ।
উৰণ বিশেষজ্ঞৰ মতে, উত্তৰ মেৰুৰ ওপৰেদি বিমান চলাবলৈ অভিজ্ঞতাৰ সমান্তৰালকৈ পাইলটৰ সমস্ত খুঁটি-নাটি সন্দৰ্ভতাে প্রশ্নাতীত দক্ষতা থকাটো অতি আৱশ্যক। এই ক্ষেত্ৰত জয়াই কয়, “উত্তৰ মেৰু পাৰ হােৱাৰ সময়ত কম্পাছৰ কাঁটা ১৮০ ডিগ্রী ঘূৰিব, সেই কথা ভাবিলেই মনটো ৰােমাঞ্চিত হৈ পৰে। ইয়াৰ লগতে নিজৰ আত্মবিশ্বাস আন মহিলাসকলৰ মাজতাে বিলাব বিচাৰে জয়াই। তেওঁ কয়, ‘যিকোনাে ধৰণৰ সামাজিক চাপতে নাৰীয়ে নিজৰ ওপৰত বিশ্বাস ৰখা উচিত। কোনাে কামেই অসম্ভৱ নহয়।