কৰ’নাৰ উৎস বিচাৰিবলৈ ‘হু’ক অনুমতি দিলে চীনে

200518 coronavirus testing se 1128a ae9449b134b5301fda7eb20244723599

অৱশেষত ক’ভিড-১৯ৰ উৎসৰ অনুসন্ধান বিশ্ব স্বাস্থ্য সংস্থা (হু)ক অনুমতি দিলে চীন চৰকাৰে। অহা বৃহস্পতিবাৰৰ পৰাই ‘হু’ৰ তদন্তকাৰী দল এটা চীনত উপস্থিত হ’ব। উল্লেখ্য যে চীনৰ উহান চহৰতে কৰ’না ভাইৰাছৰ প্রাদুর্ভাৱ ঘটিছিল। তাৰ পৰাই সেই ভাইৰাছ সমগ্র বিশ্বতে বিয়পি পৰে। এই ভাইৰাছৰ উৎস সন্দৰ্ভত আন্তর্জাতিক মহলত ব্যাপক চর্চা হৈছিল। তাৰ লগতে এই বিষয়ত তদন্তৰ বাবেও ক্রমশঃ চাপ বাঢ়িছিল।

যদিও সেই চাপ অগ্রাহ্য কৰি চীনৰ বিৰুদ্ধে তদন্তত বাধা দিয়াৰ অভিযােগ উঠে। ফলত প্ৰৱল সমালােচনাৰ সন্মুখীন হয় জি জিনপিং চৰকাৰ। অৱশেষত নিজৰ অৱস্থানৰ পৰা আঁতৰি তদন্তৰ অনুমতি দিলে বেইজিঙে। চীনৰ চৰকাৰী সংবাদ পত্ৰত কোৱা হৈছে, হু’ৰ বিশেষজ্ঞ দল ১৪ জানুৱাৰীত দেশখনত উপস্থিত হ’ব। অৱশ্যে দলটো উহানলৈ যাব নে নাযায় সেই বিষয়টো এতিয়াও স্পষ্ট হােৱা নাই। ইয়াৰ আগতেও ‘হু’ৰ প্রতিনিধি দলটোৱে তদন্তৰ বাবে চীনলৈ গৈছিল।

কিন্তু তেওঁলােকক বাধা দিয়াৰ অভিযােগ। উঠে। বিষয়টোক লৈ আন্তর্জাতিক মহলতাে অসন্তোষে দেখা দিয়ে। তাৰ পাছতে যােনা ন জানুৱাৰীত চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়ােগৰ উপ প্রধানে জানায় যে উহানলৈ হু’ৰ তদন্তকাৰী দল অহাৰ সন্দৰ্ভত আলােচনা চলি আছে। তদন্তক কেন্দ্ৰ কৰি চীনৰ ভূমিকাক স্বয়ং হু’ প্রধান টেড্র’ছ গেব্রিয়াছাছেও সমালােচনা কৰিছিল। কিয় তদন্ত কৰিবলৈ দিয়া নাই বুলিও তেওঁ প্রশ্ন কৰিছিল।

অথচ এই ‘হু’প্রধানৰ বিৰুদ্ধেই এটা সময়ত চীনৰ কাষত থিয় দিয়াৰ অভিযােগ উঠিছিল। অৱশ্যে গেব্রিয়েছাছে বাৰে বাৰে সেই অভিযােগ খণ্ডন কৰি আহিছিল। ২০১৯ৰ নৱেম্বৰত উহান প্রথম কৰ’না ভাইৰাছ ধৰা পৰে। তাৰ পাছত এই জীৱাণুৱে উহানৰ পৰা চীনৰ সীমান্ত অতিক্রম কৰি সমগ্র বিশ্বতে বিয়পি ত্ৰাসৰ সৃষ্টি কৰি অতিমাৰীৰ ৰূপ লয়। ইতিমধ্যেই বিশ্বৰ ন কোটিৰ অধিক লােক আক্রান্ত হয় আৰু ইয়াৰে প্রায় ২০ লাখ লােকে প্রাণ হেৰুৱায়।

কৰনাৰ উৎসক কেন্দ্ৰ কৰি প্ৰথমৰ পৰাই চীনৰ ফালে আঙুলি উঠিছিল। আনকি এই ভাইৰাছ চীনৰ ৰাসায়নিক অস্ত্ৰ বুলিও অভিযােগ উঠিছিল।উহানত থকা এটা ভাইৰাছ পৰীক্ষা কেন্দ্ৰৰ পৰা কৰ’না বিয়পি পৰাৰাে অভিযােগ উঠিছিল। অৱশ্যে চীনে দুয়ােটা অভিযােগেই পােনপটীয়াকৈ নস্যাৎ কৰিছিল। তৎসত্ত্বেও বিষয়টোক লৈ সন্দেহ থাকিয়ে গৈছিল। ফলত এই ভাইৰাছৰ উৎসৰ তদন্ত কৰাৰ বাবে আন্তর্জাতিক স্তৰত দাবী উত্থাপন হৈছিল।

Exit mobile version