প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাৰ পাছতে ভাৰতীয়সকলক তেওঁলোকৰ সতৰ্কতা অৱলম্বন কৰি থাকিবলৈ দিয়ে । তেওঁ লগতে কয় যে, দেশজুৰি হোৱা ইনকুলেচন পগ্ৰেমৰ সূচনাৰ অৰ্থ এইটো নহয় যে এতিয়া সাধাৰণ COVID-19 প্ৰ’ট’কল উপেক্ষা কৰিব পাৰি।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “মই দেশৰ লোকসকলক ক’ব বিচাৰো যে কৰ’না প্ৰতিষেধকৰ দু-পালি অতি গুৰুত্বপূৰ্ণ । বিশেষজ্ঞসকলে কয় যে দুয়োটা প্ৰতিষেধকৰ মাজত এক মাহৰ ব্যৱধান থাকিব লাগে।”
লগতে তেওঁ কয়, “মই আপোনালোকক অনুৰোধ জনাওঁ যে প্ৰতিষেধক লোৱাৰ পাছত মাস্ক পৰিধান নকৰাকৈ, সামাজিক দূৰত্ব নামানি নাথাকিব। কিয়নো দ্বিতীয় পালিটোৰ পাছত ৰোগ প্ৰতিৰোধ ক্ষমতা বিকশিত হয়। আমি অন্য এক শপত ল’ব লাগিব: ‘ডাৱাই ভী, কাড়াই ভী’ আৰ্থাৎ ‘প্ৰতিষেধক’ আৰু ‘সতৰ্কতা দুয়োটাৰ ওপৰত গুৰুত্ব দিব লাগিব।
আজি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড° হৰ্ষ বৰ্ধনৰ উপস্থিতিত নতুন দিল্লীৰ অ’ল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল চাইন্সেছত স্বাস্থ্যকৰ্মী মণিষ কুমাৰে প্ৰথম ভাৰতীয় ক’ভিড-19 প্ৰতিষেধক গ্ৰহণ কৰা ।
অভিযানটো আৰম্ভ কৰি, মোদীয়ে লাখ লাখ ভাৰতীয় ফ্ৰণ্টলাইন কৰ্মী আৰু বৈজ্ঞানীকক শুভেচ্ছা জ্ঞাপন কৰে আৰু অপপ্ৰচাৰৰ পৰা বাচি থাকিবলৈ সতৰ্ক কৰে। দেশৰ ইনকুলেচন ড্ৰাইভ বিশ্বৰ অন্যতম বৃহত্তম, তিনি কোটি স্বাস্থ্য আৰু অন্যান্য ফ্ৰণ্টলাইন কৰ্মীক প্ৰতিষেধক প্ৰদান কৰাৰ লক্ষ্য কৰা হৈছে।
ভাৰতত নিৰ্মিত দুটা প্ৰতিষেধক, এটা অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰানেকাৰ দ্বাৰা নিৰ্মিত আৰু আনটো ভাৰত বায়’টেকৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘বিশ্বৰ ১৫০ ৰো অধিক দেশক ঔষধ আৰু চিকিৎসাৰ সহায় প্ৰদান কৰা দেশৰ ভিতৰত ভাৰতো এখন । পেৰাচিটামুল, হাইড্ৰ’ক্সিক্ল’ৰ’কুইনে হওক বা পৰীক্ষণৰ সঁজুলিয়েই হওক ভাৰতে আন দেশৰ নাগৰিকক ৰক্ষা কৰিবলৈ যথেষ্ট চেষ্টা কৰিছে ।’