জানুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব বলিউডৰ জনপ্ৰিয় অভিনেতা বৰুণ ধৱন

15 01 2021 varun 21274128

বিগত বৰ্ষত কৰ’না ভাইৰাছ আৰু তলাবন্ধৰ বাবে পণ্ড হৈছিল অভিনেতা বৰুণ ধৱনৰ বিয়াৰ পৰিকল্পনা। অৱশেষত বৰুণ আৰু তেওঁৰ বান্ধৱী নাতাশা দালালে বিবাহপাশত আবদ্ধ হােৱাৰ বাবে প্রস্তুতি সম্পূর্ণ কৰি তুলিছে। ধৱন পৰিয়ালৰ সূত্রই জনােৱা মতে, চলিত জানুৱাৰীতেই বৰুণৰ বিবাহ সম্পন্ন হ’ব।

উল্লেখ্য যে যােৱা বছৰেই দুয়ােটা পৰিয়ালে বিবাহৰ প্রস্তুতি আৰম্ভ কৰিছিল। বিদেশৰ কোনাে অনুপম পৰিৱেশ থকা ঠাইত বিয়াৰ আয়ােজনৰ প্রস্তুতিও চলিছিল। কিন্তু কৰ’নাৰ তাণ্ডৱ আৰু তলাবন্ধই সকলাে খেলিমেলি কৰে। আনকি বিয়াৰ পৰৱর্তী তাৰিখ সন্দৰ্ভতাে অনিশ্চয়তাৰ সৃষ্টি হৈছিল।

অৱশেষত বৰুণৰ খুড়াক অনিল ধৱনে সদৰী কৰিলে যে জানুৱাৰীতেই বিবাহ সম্পন্ন হ’ব। অৱশ্যে বিদেশৰ পৰিকল্পনা ত্যাগ কৰি আলিবাগতে সম্পূর্ণ ব্যক্তিগত পৰিৱেশত বিয়াৰ আয়ােজন কৰাৰ সিদ্ধান্ত লােৱা হৈছে। ইতিমধ্যেই আলিবাগৰ এখন পঞ্চতাৰকা হােটেল বুক’ কৰা হৈছে।

অৱশ্যে ক’ভিড বিধি পালন কৰিয়েই বিবাহ আয়ােজন কৰা হ’ব। পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীসকলহে বিয়াত উপস্থিত থাকিব। ধৱন পৰিয়ালৰ তৰফৰ পৰা ই-কার্ডত নিমন্ত্রণ পত্র অতিথিলৈ প্ৰেৰণ কৰা হৈছে। উক্ত পত্ৰত ২২ পৰা ২৫ জানুৱাৰীলৈ আন সকলাে কাম-কাজ বন্ধ ৰাখিবলৈ কোৱা হৈছে। অতিথিসকলক। ২২ আৰু ২৩ জানুৱাৰীত ক্রমে সংগীত আৰু মেহেন্দী অনুষ্ঠানৰ আয়ােজন কৰা হ’ব।

২৪ জানুৱাৰীত বিয়া। অনুষ্ঠানৰ এদিনৰ পূর্বেই ধৱন আৰু দালাল পৰিয়াল হােটেলখনত উপস্থিত হ’ব। পেছাত ফেশ্বন ডিজাইনাৰ নাতাশাই ইয়াৰ পূর্বে বহু কেইখন উল্লেখনীয় বিবাহৰ পাত্র-পাত্রীৰ বাবে পােছাকৰ ডিজাইন কৰিছিল। এইবাৰ নিজৰ কইনাৰ সাজৰ ডিজাইনাে তেওঁ নিজেই কৰিব। অৱশ্যে বৰুণৰ বাবে নাতাশায়েই পােছাক ডিজাইন কৰিব নে নাই, সেয়া অৱশ্যে কোনেও সদৰী কৰা নাই।

Exit mobile version