মাঘ বিহুৰ লগত সংগতি ৰাখি বাগসাৰ খাৰিজা বিজনীৰ দক্ষিণ বাৰাপেটাত পালন কৰা হৈছে মাঘী উৎসৱ ৷ আজি পুৱাৰে পৰা মুখ্য দ্বাৰ উন্মোচন, বিহুৰ পতাকা উত্তোলন, ভাগৱৎ যাত্ৰা, ভাগৱৎ পাঠ আদিৰে প্ৰতি বছৰৰ দৰে এইবাৰো পালন কৰা হৈছে মাঘী উৎসৱ ৷
সমান্তৰালকৈ অযোধ্যাত নিৰ্মাণ হ’বলগীয়া ৰাম মন্দিৰৰ বাবে দান-বৰঙণি সংগ্ৰহৰ কাম আৰম্ভ কৰে অনুষ্ঠানটোত ৷ এইক্ষেত্ৰত গাঁওবাসীয়ে দান বৰঙণি প্ৰদানেৰে ব্যাপক সঁহাৰি জনোৱা বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ৷ সৰ্বনিম্ন ১০ টকাৰ পৰা উৰ্দ্ধলৈ কুপনৰ দ্বাৰা বৰঙণি সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰিছে ৰাম মন্দিৰ নিৰ্মাণ কতৃপক্ষই ৷
উল্লেখ্য যে এইক্ষেত্ৰত অনলাইনযোগেও বৰঙণি আগবঢ়োৱা লোকৰ নাম আৰু বৰঙণিৰ পৰিমাণ চাব পাৰিব বুলি জানিবলৈ দিয়ে উদ্যোক্তাই ।