পুৰণি প্রেম পুনৰুজ্জীৱিত কৰি বিয়াও কৰালে বৃদ্ধ-বৃদ্ধাই

florence harvey frederick paul

শৈশৱতেই পৰস্পৰৰ প্ৰেমত মতলীয়া হৈছিল । স্কুলত পঢ়ি থাকোতেই জীৱনটো একেলগে কটোৱাৰ সপােন দেখিছিল দুয়াে। অৱশ্যে কালৰ গতিত স্কুলীয়া দিনতে বিচ্ছেদ ঘটাৰ প্রায় সাত দশকৰ পাছত মিলন ঘটিল এক প্রণয়-যুগলৰ।

যৌৱনৰ দিনবােৰত প্ৰেমৰ মধুৰতাখিনিৰ পৰা বঞ্চিত হ’লেও জীৱনৰ বিয়লি বেলা পুৰণি সুখকৰ স্মৃতিবােৰ স্মৰণ কৰাৰ সুযােগ পালে তেওঁলােকে। কোনাে ৰােমান্টিক ছবিৰ সুন্দৰ কাহিনী হ’ব পাৰে কানাডাৰ ফ্রেড পল আৰু ফ্ল’ৰেন্স হার্ভেৰ এই বিচ্ছেদ-মিলনৰ মধুৰ প্রেমগাঁথা।

শৈশৱৰ স্বপ্নৰ ইতি পৰিছিল প্রায় সাতটা দশকৰ পূর্বে। পৰম্পৰৰ মাজত দূৰত্ব ইমানেই বাঢ়ি গৈছিল যে যােগাযােগ সম্পূর্ণরূপে বিচ্ছিন্ন হৈ পৰিছিল। অৱশ্যে চকুৰ আঁতৰ হলেও যেন মনৰ আঁতৰ হােৱা নাছিল তেওঁলােক। সেই বাবেই ৬৮ বছৰৰ পাছতাে তেওঁলােকৰ মিলন ঘটিল আৰু শেষত শৈশৱৰ স্বপ্নৰ সুখকৰ পৰিসমাপ্তি ঘটিল।

কানাডাৰ ৱাণ্ডছৱাৰ্থ নামৰ সৰু চহৰখনত প্রতিবেশী আছিল পল আৰু ফ্ল’ৰেন্সৰ পৰিয়াল। শৈশৱৰ পৰাই দুয়ােৰে মাজত গঢ়ি উঠিছিল ঘনিষ্ঠ বন্ধুত্ব। কৈশােৰত ভৰি দিয়াৰ সময়তে সেই বন্ধুত্বই প্রেমৰ ৰূপ লৈছিল। একেলগে অৱসৰৰ সময় কটোৱা, চার্চত প্রার্থনাৰ পাছত হাতত ধৰাধৰিকৈ ৰাস্তাত খােজকঢ়া, স্কুলৰ শ্ৰেণীত উপস্থিত থকাৰ মাজতে সাক্ষাৎ কৰা, আনকি প্রতি নিশা টৰ্ছ জুলাই ফ্ল’ৰেন্সক শুভৰাত্ৰি জনােৱা আদি কাৰ্যৰেই অতিবাহিত হৈছিল তেওঁলােকৰ দিন।

পলে ১৮ বছৰত ভৰি দিয়াৰ সময়ত ফ্ল’ৰেন্স আছিল পঞ্চদশী কিশােৰী। তেতিয়াই কর্মসূত্রে পল ট’ণ্ট’ত উপস্থিত হয়। সেই সময়ত যােগাযােগৰ বিশেষ ব্যৱস্থা নাছিল। এবছৰৰ পাছত পলে ৱাণ্ডছৱাৰ্থলৈ উভতি আহি ফ্ল’ৰেন্সক লগ নাপালে তেতিয়ালৈ সেই চহৰ এৰি আন ঠাইলৈ গুচি গৈছিল ফ্ল’ৰেন্সৰ পৰিয়াল।

ক’লৈ গ’ল তাৰ সন্ধান বহু চেষ্টা কৰিও পলে উলিয়াব নােৱাৰিলে। বিচ্ছেদক সাৰথি কৰিয়েই দুয়ােৰে জীৱন আগবাঢ়ি গৈছিল। পল আৰু ফ্ল’ৰেন্স উভয়েই ধৰি লৈছিল যে ভৱিষ্যতে পৰস্পৰৰ সাক্ষাতৰ হয়তাে কোনাে সম্ভাৱনা নাই। ক্রমে দুয়াে ডাঙৰ হৈছিল আৰু এটা সময়ত নিজৰ সংসাৰ হ’ল। নিজৰ পৰিয়ালক লৈ দুয়াে সুখী আছিল।

তথাপি যেন মনৰ কোনােবা এটা কোণত পৰস্পৰৰ প্ৰতি ভালপােৱা গােপনে ৰৈ গৈছিল।২০১৭ত ফ্ল’ৰেন্সৰ জীৱনত এটা দুর্ঘটনা ঘটে। কর্কটত আক্ৰান্ত হৈ তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁলােকৰ ৫৭ বছৰীয়া দাম্পত্য জীৱনত আছে। পাঁচ সন্তান। ইয়াৰ ঠিক দুবছৰৰ পাছত পলৰ পত্নীৰাে মৃত্যু হয়।পলৰ আছে দুই সন্তান। পলৰ পত্নীৰ মৃত্যুৰ বাতৰি কেনেবাকৈ ফ্ল’ৰেন্সৰ কাণত পৰিছিল।

অনেক কষ্টৰে তেওঁ পলৰ ফোন নম্বৰ সংগ্ৰহ কৰি এদিন ফোনাে কৰে। ভেলেন্টাইন ডে’ৰ পাছদিনা কৰা এই ফোনত দুয়াে বহু সময় ধৰি বার্তালাপ কৰিছিল। নিজৰ পৰিয়াল, সন্তান, নাতি-নাতিনী আদি প্রসংগতে বেছিকৈ কথা পাতিছিল। শৈশৱৰ সেই সুখৰ স্মৃতিসমূহেও ঠাই পাইছিল তেওঁলােকৰ কথােপকথনত। প্রথম অৱস্থাত সপ্তাহত এদিন ফোনত বার্তালাপ কৰিছিল।

ইয়াৰ পাছত ক্রমে দুই, তিনি, চাৰি দিন কথা পাতিবলৈ আৰম্ভ কৰে। বৃদ্ধ বয়সত পুৰণি প্ৰেমৰ দিনবােৰৰ কথা মনত পেলাই এটা সময়ত পল আৰু ফ্ল’ৰেন্সে দৈনিক কে’বা ঘণ্টালৈকে ফোনত কথা পাতিবলৈ আৰম্ভ কৰিলে। পলৰ জন্মদিনৰ সবাতােকৈ দামী উপহাৰ আছিল স্বয়ং ফ্ল’ৰেন্স।পলক সাক্ষাৎ কৰিবলৈ তেওঁ ট’ণ্ট’ত উপস্থিত হৈছিল। ফ্ল’ৰেন্সক দেখাৰ আনন্দ ঢাকি ৰাখিব পৰা নাছিল পলেও। ইয়াৰ তিনি দিনৰ পাছতেই দুয়াে বিবাহৰ সিদ্ধান্ত লয়।

যােৱা বছৰৰ আঠ আগষ্টত সকলাে ৰীতি পালনেৰে দুয়াে বিবাহপাশত আবদ্ধ হয়। অৱশ্যে অতিমাৰীৰ বাবে অতিথি কম আছিল। পল নিজেও পাকস্থলীৰ কৰ্কটত আক্রান্ত। সম্প্রতি পলৰ বয়স ৮২ বছৰ আৰু ফ্ল’ৰেন্স ৭৯ বছৰীয়া। বাকী জীৱনটো দুয়াে একেলগেই কটাব বিচাৰে। প্রায় সাত দশকৰ পূর্বে অন্তিমবাৰলৈ দেখা হােৱা দিনটোৰ পৰাই তেওঁলােকে আৰম্ভ কৰিব নিজৰ জীৱন।

Exit mobile version