বাগসা জিলাৰ শালবাৰীৰ গোৱৰ্দ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত গোৱৰ্দ্ধনা গাঁৱত তিনিদিনে সন্ধানহীন হৈ থকা এগৰাকী সাত বছৰীয়া শিশুৰ মৃতদেহ আজি গাঁওখনৰ এটা পুখুৰীত উদ্ধাৰ হোৱাৰ পাছতেই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ৷
উল্লেখ্য যে গোৱৰ্দ্ধনাৰ মুহুৰ উদ্দিনৰ পুত্ৰ আজিদুল আলী আজি তিনিদিনে নিখোজ হৈ আছিল ৷ পৰিয়ালৰ লোকে নিজাববীয়াকৈ বহু বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপাই আৰক্ষীক অৱগত কৰাৰ পাছতো কোনো সন্ধান পোৱা নাছিল শিশুটোৰ ৷
আজি আবেলি গাঁওখনৰ এগৰাকী ব্যক্তিয়ে গোৱৰ্দ্ধনা আৰক্ষী থানাৰ নিচেই কাষৰ এটা পুখুৰীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে এটা মৃতদেহ ৷ তাৰ পাছতেই হুৱা-দুৱা লাগে মুহুৰ উদ্দিনৰ পৰিয়ালটোত ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে চিনাক্ত কৰে তিনিদিনে নিখোজ হৈ থকা আজিদুল আলী নামৰ সাত বছৰীয়া শিশুটোৰ মৃতদেহ ৷