ভাৰতত ২৮ ফেব্ৰুৱাৰীলৈকে আন্তৰ্জাতিক যাত্ৰীবাহী বিমান স্তব্ধ, পণ্যবাহী বিমান সুচল

flights1 1589423862

ভাৰতত আন্তৰ্জাতিক বিমান চলাচলৰ‌ ওপৰত নিষেধাজ্ঞা এমাহলৈ বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে । অসামৰিক বিমান পৰিৱহণ মন্ত্ৰণালয়ৰ নতুন নিৰ্দেশিকা অনুযায়ী ২৮ ফেব্ৰুৱাৰীলৈকে দেশত আন্তৰ্জাতিক যাত্ৰীবাহী বিমান চলাচল সম্পূৰ্ণ বন্ধ থাকিব ।

কিন্তু আন্তৰ্জাতিক পণ্যবাহী বিমান আৰু ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েছন (ডিজিচিএ)ৰ তালিকাভুক্ত বিশেষ বিমানসমূহৰ ক্ষেত্ৰত এই নিৰ্দেশিকা কাৰ্যকৰী নহ’ব । ক’ভিড পৰিস্থিতিৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । ডিজিচিএ নতুন নিৰ্দেশিকাত জনায় যে, সংশ্লিষ্ট কৰ্তৃপক্ষই প্ৰয়োজন সাপেক্ষে নিৰ্ধাৰিত পথেদি আন্তৰ্জাতিক বিমান চলাচল‌ কৰিব পাৰে ।

অতিমাৰীৰ বাবে বিগত বৰ্ষৰ ২৩ মাৰ্চৰ পৰা ভাৰতত যাত্ৰীবাহী আন্তৰ্জাতিক বিমান চলাচল‌ বন্ধ হৈ আছিল । কিন্তু মে’ৰ পৰা কিছু সংখ্যক বিশেষ বিমান চলাচল কৰে, যাক ‘বন্দে ভাৰত মিছন’ নামে নামকৰণ কৰা হয় । লগতে আমেৰিকা, জাপান, ফ্ৰান্স, জাৰ্মানীসহ ২৩ খন দেশৰ স’তে ‘এয়াৰ বাবল’ চুক্তি কৰিছে ভাৰতে । সেই দেশসমূহৰ স’তে বিমান সেৱা অব্যাহত আছে ।

Exit mobile version