ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জৰ্জ বুছ, বাৰাক অ’বামা আৰু ড’নাল্ড ট্ৰাম্পে সমৰ্থন কৰিছিল । প্ৰচাৰৰ সময়ত ডেম’ক্ৰেট প্ৰাৰ্থী জ’ বাইডেনেও বিষয়টোত সমৰ্থন কৰি বহু বিবৃতি দিছিল ।
কিন্তু, ৰাষ্ট্ৰসংঘত আমেৰিকাৰ দূত হিচাপে মনোনীত লিণ্ডা থমাছ গ্ৰিণফিল্ডে বিষয়টো সন্দৰ্ভত স্পষ্ট সমৰ্থনৰ বাৰ্তা প্ৰেৰণ নকৰে । তেওঁৰ মন্তব্য, বিষয়টো সন্দৰ্ভত আলোচনা অব্যাহত আছে । সেয়ে ভাৰতে অসন্তুষ্টি প্ৰকাশ কৰিছে । বৈদেশিক মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, বিষয়টো সন্দৰ্ভত অৱশ্যে ইতিমধ্যে একো মন্তব্য কৰা হোৱা নাই ।
ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পোৱাৰ বিষয়টোত অৱশ্যে অন্যতম বাধা হৈছে স্থায়ী সদস্য চীন । তেওঁলোকে ভাৰতৰ এই দাবীত আপত্তি প্ৰকাশ কৰিছে । ভেটো ক্ষমতা সম্পন্ন চীনৰ স’তে আছে ভাৰতৰ প্ৰতিবেশী দেশ পাকিস্তানৰো প্ৰবল আপত্তি । একেই অৱস্থা জাৰ্মানী, ব্ৰাজিল আৰু জাপানৰো । তেওঁলোকৰ ক্ষেত্ৰত আপত্তি প্ৰকাশ কৰি আহিছে যথাক্ৰমে ইটালী, মক্সিক’ আৰু মাইছ’ৰে ।
এই আপত্তিৰ বিষয়ে ভালকৈ জানে আমেৰিকাই । সেয়ে আমেৰিকাৰ পূৰ্বৰ ৰাষ্ট্ৰপতি তিনিজনে ভাৰতৰ স্থায়ী সদস্যপদ পোৱা সন্দৰ্ভত বহুবাৰ প্ৰশ্ন উত্থাপন কৰিছে । কিন্তু বুধবাৰে লিণ্ডা থমাছ গ্ৰিণফিল্ডে সেনেটত বিদেশ বিষয়ক কমিটিৰ সন্মুখত প্ৰতিশ্ৰুতিৰ শুনানিৰ সময়ত উক্ত মন্তব্য কৰে ।
তিনি দশকৰো অধিক সময় বৈদেশিক বিভাগত কাৰ্যৰত লিণ্ডাক ৰাষ্ট্ৰসংঘত আমেৰিকাৰ দূত পদত মনোনীত কৰাৰ পূৰ্বে প্ৰতিশ্ৰুতি শুনানিৰ সময়ত অৰেগনৰ সেনেটৰ জেফ মাৰ্কলে প্ৰশ্ন কৰে, ‘আপুনি ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপানৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্যপদ লাভ কৰা সন্দৰ্ভত কি মত পোষণ কৰে ?’
এই প্ৰসংগত লিণ্ডাই কয়, ‘নিৰাপত্তা পৰিষদৰ সদস্যপদৰ বিষয়টোক লৈ কিছু আলোচনা হৈছে আৰু ইয়াক লৈ ইতিবাচক যুক্তিও আছে । কিন্তু আমি এইটোও জানো যে, সেই অঞ্চলৰ কিছুসংখ্যক দেশে এই বিষয়টোত আপত্তি দৰ্শাইছে আৰু তেওঁলোকৰ দাবী তেওঁলোকক স্থায়ী সদস্য কৰা হওক । এই বিষয়ত আলোচনা অব্যাহত আছে ।’
ভাৰত, ব্ৰাজিল, জাৰ্মানী আৰু জাপানৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যপদৰ দাবী সবল কৰিবৰ বাবে প্ৰস্তুত কৰা চাৰিখন দেশৰ জোঁটৰ বিৰোধী ‘কফী ক্লাব’ প্ৰস্তুত কৰিছে পাকিস্তান, মেক্সিক’, ইটালী আৰু মাইছ’ৰে । লিণ্ডাই এই প্ৰসংগটোও উল্লেখ কৰে । বাইডেনৰ মনোনীত লিণ্ডাৰ এই মনোভাৱতে অসন্তুষ্ট ভাৰত ।