ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড: আন্ধাৰত ডুব গল বিকাশ কেন্দ্ৰ

Screenshot 193

আজি বিয়লি ছয়গাঁও উদ্যোগিক বিকাশ কেন্দ্ৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। তথ্য অনুসৰি,তেলৰ দুটা ভাণ্ডাৰত অগ্নিকাণ্ড সংঘটিত হয়।

ঘটনাস্থলীত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হয় যদিও সন্ধিয়া ভাগলৈকে জুই জ্বলি থাকে। উল্লেখ্য যে, লোহাৰ সামগ্ৰী নিৰ্মাণ কৰা কোম্পানী ৰৌচীনা উদ্যোগ লিমিটেড Furnace oilৰ টেংকিত অগ্নিকাণ্ড সংঘটিত হয়।

উদ্যোগটোত ব্যৱহাৰ কৰাৰ বাবে মজুত আছিল Furnace oil। গোট মাৰা তেল গলিবলৈ কাৰেণ্টত দিয়া হৈছিল। চৰ্ট চাৰ্কিট হৈ oilত অগ্নিকাণ্ড সংঘটিত হোৱাৰ অভিযোগ।

প্ৰায় ১৮ হাজাৰ FURNACE OIL আছিল টেংক দুটাত। সাত বছৰ ব্যৱহাৰ কৰা হোৱা নাছিল FURNACE OILখিনি। উষ্ণতা দিয়াৰ পিছত অগ্নিকাণ্ড সংঘটিত হয়।

Exit mobile version