পেট্ৰ’ল-ডিজেলত কৃষি উপকৰ আৰোপ কৰিলেও মূল্য বৃদ্ধি নহয়ঃ আশ্বাস বিত্তমন্ত্ৰীৰ

petrol pump thinkstock

বাজেট প্ৰস্তাৱত পেট্ৰ’ল-ডিজেলত কৃষি উপকৰ আৰোপ কৰাৰ ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে । লগতে আন কিছুসংখ্যক পণ্যতো কৃষি উপকৰ আৰোপ কৰা হ’ব । আজি বাজেট বক্তব্যত তেওঁ কয় যে, পেট্ৰ’লত প্ৰতি লিটাৰত আঢ়ৈ টকা আৰু ডিজেলত প্ৰতি লিটাৰত চাৰি টকা ‘কৃষি পৰিকাঠামো আৰু উন্নয়ন উপকৰ’ আৰোপৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

বিত্তমন্ত্ৰী সীতাৰমণে কয়, ‘দেশজুৰি কৃষি পৰিকাঠামোৰ উন্নয়নৰ লক্ষ্যৰে এই উপকৰ ধাৰ্য্য কৰা হৈছে ।’ কিন্তু ইয়াৰ ফলত পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ সম্ভাৱনা নাই বুলি দাবী কৰে বিত্তমন্ত্ৰীগৰাকীয়ে । তেওঁ কয়, ‘পেট্ৰ’ল-ডিজেলৰ ওপৰত প্ৰতি লিটাৰত সাধাৰণ উৎপাদন শুল্ক গ্ৰহণৰ প্ৰস্তাৱৰ ফলত  সামগ্ৰিকভাৱে মূল্য বৃদ্ধিৰ সম্ভাৱনা নাই ।’ সামগ্ৰিকভাৱে পেট্ৰ’পণ্যৰ ওপৰত অতিৰিক্ত কৰ চপোৱাৰ কোনো প্ৰস্তাৱ নাই বুলিয়ে জনায় তেওঁ ।

সংবাদ সূত্ৰ অনুসৰি, এইবাৰ পেট্ৰ’ল আৰু ডিজেলৰ প্ৰতি লিটাৰ সাধাৰণ উৎপাদন শুল্কৰ হাৰ হ’ব এক টকা ৪০ পইচা । বিশেষ অতিৰিক্ত উৎপাদন শুল্কৰ হাৰ হ’ব প্ৰতি লিটাৰ ১১ টকা আৰু আঠ টকা ।

লগতে মাদক দ্ৰব্য (এশ শতাংশ), সোণ আৰু ৰূপৰ বাট (২.৫ শতাংশ), অপৰিশোধিত পাম তেল (১৭.৫ শতাংশ), সূৰ্যমুখী তেল (৩৫ শতাংশ), অপৰিশোধিত চয়াবিন তেল (২০ শতাংশ), আপেল (৩৫ শতাংশ) সহ বিভিন্ন পণ্যৰ ওপৰত কৃষি উপকৰ আৰোপ কৰাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী সীতাৰমণে ।

Exit mobile version